দিনটোৰ ৰাশিফল

images 4 8

Horoscope:✒️মেষ: আর্থিক দিশত অশান্তি হ’ব পাৰে। প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে। পৰাপক্ষত নিজৰ মতামত সমাজৰ আগত নৰখাই ভাল হ’ব। বিদ্যার্থীৰ শুভ ফল। শুভ ৰং নীলা। শুভ সংখ্যা (৭)।

বৃষ: অন্য কামত বাধা আহিব পাৰে। অতিৰিক্ত ক্ৰোধৰ বাবে আন কাৰোবাৰ লগত বিবাদ হ’ব পাৰে। কামৰ সংখ্যা বৃদ্ধি হোৱাত মানসিকভাৱে কষ্ট পাব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

মিথুন: নতুন আত্মীয় লগ পোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত শান্তি বজায় থাকিব। পেটৰ সমস্যা বাঢ়িব পাৰে। সন্তানৰ বাবে খৰচ বৃদ্ধি। শুভ ৰং কমলা। শুভ সংখ্যা ৪।

কর্কট: আপোনাৰ ভাল ব্যৱহাৰে শত্ৰুৰ সংখ্যা কমাব পাৰে। আনক সহায় কৰিব যাওঁতে নিজে বিপদত পৰিব পাৰে। প্ৰেমৰ দিশত বহু বেছি বেয়া দেখা নাযায়। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।

সিংহ: অশান্তিৰ কাৰণে মানসিক ভাবে চিন্তা বাঢ়িব পাৰে। ব্যৱসায়ৰ ক্ষেত্রত আয় বৃদ্ধি হ’ব পাৰে। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বৃদ্ধি। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

কন্যা: ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। ভ্ৰমণৰ বাবে স্ত্ৰীৰ লগত আলোচনা হ’ব পাৰে। পাবলৈ থকা ধন আজি ঘূৰাই পাব। শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

তুলা: বিদ্যার্থীসকলৰ বাবে নতুন পদ খুলিব পাৰে। প্ৰেমৰ দিশত অভিমান বৃদ্ধি হ’ব পাৰে। অনৈতিক কোনো কামৰ বাবে অনুতাপ হ’ব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৬।

বৃশ্চিক: ধর্মীয় অনুষ্ঠানলৈ আগ্রহ বৃদ্ধি হোৱা দেখা যায়। ঘৰত কামৰ বাবে খৰচ বৃদ্ধি হ’ব। ধন সম্পত্তি লৈ সংসাৰত অশান্তি হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

ধনু: অতিৰিক্ত ক্ৰোধৰ বাবে কৰ্মস্থানত বিবাদ হ’ব পাৰে। সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব। কামৰ যথাযথ মূল্য নাপাব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

মকৰ: পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, পিছলৈ বিপদ হ’ব পাৰে। প্রিয় বন্ধুৰ লগত বিবাদ হ’ব পাৰে। আর্থিক দিশত চাপ বৃদ্ধি হ’ব। শুভৰং মাখন। শুভ সংখ্যা ৯।

কুম্ভ: মা-দেউতাৰ স্বাস্থ্যৰ চিকিৎসাৰ বাবে খৰচ বৃদ্ধি হ’ব। স্নায়ুৰোগ বৃদ্ধি হ’ব পাৰে। ঘৰুৱা দিশত খৰচৰ বাবে বিবাদ হ’ব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ১।

মীন: বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভ নকৰি, বিপদ হ’ব পাৰে। প্ৰেমৰ দিশত শুভ। আর্থিক ভাবে মজলীয়া। শিক্ষাত শুভফল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

Exit mobile version