Earthquake: ✒️বুধবাৰে পুৱা যি ভূমিকম্পই ৰাছিয়াৰ পূব প্রান্তকে ধৰি পৃথিৱীৰ এক বৃহৎ অংশক কঁপাই তোলে সেই ভূমিকম্প ইতিহাসৰে ষষ্ঠ সৰ্ববৃহৎ প্ৰাৱল্যৰ ভূমিকম্পৰূপে চিহ্নিত হৈছে।
মার্কিন ভূ-তাত্ত্বিক জৰিপৰ মতে, পেট্ৰ’পাভল’ভস্ক-কামচাট্স্কীৰ পৰা ১১৯ কিলোমিটাৰ নিলগৰ পূব-দক্ষিণ পূব অঞ্চলত এই ভূমিকম্পৰ উৎপত্তি ঘটে। মাটিৰ পৰা ২০.৭ কিলোমিটাৰ অভ্যন্তৰত উদ্ভৱ হোৱা এই ভূমিকম্পক ইতিহাসৰ ষষ্ঠ ভয়ংকৰ ভূমিকম্পৰূপে চিহ্নিত কৰা হৈছে।
৮.৮ প্ৰাৱল্যৰ এই ভূমিকম্পৰ স’তে ২০১০ৰ ২৭ ফেব্ৰুৱাৰীৰ চিলিৰ বায়’বিঅ’ আৰু ১৯০৬ৰ ৩১ জানুৱাৰীৰ ইকুৱেডৰৰ এছমেৰাল্ডাছৰ ভূমিকম্পৰ স’তে তুলনা হয়। উল্লেখ্য যে ইতিহাসৰ পঞ্চম বৃহৎ ভূমিকম্পটোৰ উদ্ভৱ ৰাছিয়াৰ কামচাকা উপদ্বীপতে উৎপত্তি হৈছিল। ১৯৫২ৰ চাৰি নৱেম্বৰত এই ভূমিকম্পই জোঁকাৰণিৰ সৃষ্টি কৰিছিল। এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ন।
২০১১ৰ ১১ মার্চত জাপানত ধ্বংসলীলা সাধন কৰা ৯.১ প্ৰাৱল্যৰ ভূমিকম্পটোক ইতিহাসৰ সৰ্বাধিক শক্তিশালী ভূমিকম্প আখ্যা দিয়া হয়। আনহাতে, ২০০৫ৰ ২৮ নৱেম্বৰত ইণ্ডোনেছিয়াৰ দক্ষিণ সুমাত্ৰাত উৎপত্তি ঘটা ভূমিকম্পটো ইতিহাসৰ চতুৰ্থ সর্বাধিক শক্তিশালী ভূমিকম্পৰূপে পৰিগণিত হৈছে।
বুধবাৰে ভূমিকম্পই চৌদিশে আতংক সৃষ্টি কৰাৰ পাছতো কিয় ৰাছিয়াৰ ৰাজধানী মস্কো ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰিল তাক লৈ চর্চা হৈছে। তদুপৰি দেশখনৰ আন একাংশ অঞ্চলতো এই ভয়াৱহ ভূমিকম্পৰ জোঁকাৰণি অনুভূত নহ’ল। এই ভয়ংকৰ ভূমিকম্পৰ কবলৰ পৰা মস্কো অথবা দেশখনৰ আন কেতবোৰ অঞ্চল ৰক্ষা পৰাৰ কাৰণ আছে। ভূমিকম্পটোৰ উৎপত্তি স্থলৰ পৰা মস্কো ৬,৮০০ কিলোমিটাৰ দূৰৈত অৱস্থিত।
অৱশ্যে এনে কাৰণতে ৰাজধানী চহৰখন ৰক্ষা পৰা নাছিল। মস্কো ৰক্ষা পৰাৰ কাৰণ হ’ল অঞ্চলটো ভূতত্ত্বগতভাবে ‘নীৰৱ’ তথা স্থিৰ পূব ইউৰোপীয় ফলকত অৱস্থিত। এই ফলকত ভূতাত্ত্বিক কম্পনৰ প্ৰভাৱ নপৰে। গতিকে ৰাজধানী চহৰখনত এই ভূমিকম্পৰ জোঁকাৰণি একপ্ৰকাৰ অনুভূত নহ’ল। দৰাচলতে মস্কোক ভূমিকম্পৰ দিশৰ পৰা পৃথিৱীৰে অন্যতম সবাতোকৈ সুৰক্ষিত স্থান আখ্যা দিয়া হয়।
মস্কোৰ ইতিহাসত ভূমিকম্পৰ জোঁকাৰণিৰ তথ্য লিপিবদ্ধ হোৱা নাই। আনহাতে, কামচাকা উপদ্বীপ হৈছে অতি ভূমিকম্প প্ৰৱণ অঞ্চল। কাৰণ অঞ্চলটো এক বৃহৎ শৈলমণ্ডলীয় ফলকৰ সীমাত বহি আছে। ভূতাত্ত্বিক চাপত প্রশান্ত মহাসাগৰীয় ফলক উত্তৰ আমেৰিকা ফলকৰ তলত আছে।
ইয়াৰ সীমাতে কুৰিল-কানচাকা অৱস্থিত। এই ফলকৰ ওপৰত অত্যধিক চাপৰ সৃষ্টি হয়। গতিকে কিছু বছৰৰ মূৰে মূৰে অঞ্চলটোত ভয়ংকৰ ভূমিকম্পৰ উৎপত্তি ঘটে। কামচাকা যি ভূ-ত্বতীয় ফলকৰ সীমাত অৱস্থিত সেই সীমা হৈছে প্রশান্ত মহাসাগৰীয় অগ্নিৰ আঙঠিৰ অংশ। এই অগ্নিৰ আঙঠি অঞ্চল বিশ্বৰ ভিতৰতে অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল।
তদুপৰি এই অঞ্চল সক্রিয় আগ্নেয়গিৰিৰ বাবেও খ্যাত। কামচাকাতো বহু সক্রিয় আগ্নেয়গিৰি আছে। উল্লেখ্য যে ৰাছিয়াত বিংশ আৰু একবিংশ শতিকাত জোঁকাৰণি তোলা অধিকাংশ ভূমিকম্পৰে উৎপত্তি কামচাকাত ঘটে।
মই কোৱা তাৰিখত নহ’ল, কিন্তু…: নতুন বাবা ভাংগা
জাপানৰ নতুন বাবা ভাংগাৰূপে খ্যাত ৰিঅ’ টাটছুকিয়ে সম্প্রতি দাবী কৰিছে যে তেওঁৰ ভৱিষ্যদ্বাণী সঁচা প্রমাণিত হ’ল। উল্লেখ্য যে টাটছুকিয়ে ভৱিষ্যদ্বাণী কৰিছিল যে এই বছৰৰ পাঁচ জুলাইত জাপান এক ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ কবলত পৰিব।
পাঁচ জুলাইৰ দিনটোত কোনো ধৰণৰ দুৰ্যোগৰ উদ্ভৱ নোহোৱাকৈ পাৰ হোৱাত বহুতে তেওঁৰ ভৱিষ্যদ্বাণীক লৈ প্রশ্ন উত্থাপন কৰে। বুধবাৰে ৰাছিয়াত উদ্ভৱ হোৱা ভূমিকম্পই জাপানকে ধৰি বিশ্বৰ বহু দেশক কঁপাই যোৱাৰ পাছত টাটছুকিয়ে দাবী কৰিছে যে তেওঁ কোৱা তাৰিখত নহ’লেও এক ভয়াৱহ ভূমিকম্প-ছুনামিয়ে জাপানকো কঁপাই যায়।
সামাজিক মাধ্যমত তেওঁ কয়, ‘একেটা তাৰিখত নহ’ল, কিন্তু আপোনালোকে ৰিঅ’ টাটছুকিক সম্মান জনাব লাগে।’ উল্লেখ্য যে কালিৰ ভূমিকম্প-ছুনামিয়ে জাপানৰ হক্কাইড’ দ্বীপতো প্রভাৱ পেলায়। তাৰ পাছতে মাংগা শিল্পী টাটছুকি সামাজিক মাধ্যমত সক্রিয় হৈ উঠে। লক্ষ্যণীয়ভাবে টাটছুকিয়ে পূর্বে কৰা কে’বাটাও প্রাকৃতিক দুৰ্যোগৰ ভৱিষ্যদ্বাণী সঁচা প্রমাণিত হৈছিল। গতিকে তেওঁ এই বছৰৰ পাঁচ জুলাইক লৈ কৰা ভবিষ্যদ্বাণীয়ে বহুতৰ মাজত গুৰুত্ব লাভ কৰে। কাৰণ জাপান ভ্রমণ কৰিবলৈ লোৱা বিশ্বৰ বিভিন্ন দেশৰ বহু লোকে যাত্রা স্থগিত বা বাতিল কৰে।
অৱশ্যে জাপান চৰকাৰে মাংগা শিল্পীগৰাকীৰ ভৱিষ্যদ্বাণীৰ সত্যতা অস্বীকাৰ কৰি আহে। একেদৰে টকিঅ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক ছেকিয়া নাঅ’য়ায়ো এনে ধৰণৰ ভবিষ্যদ্বাণীক অবৈজ্ঞানিক আখ্যা দি সমালোচনা কৰে। অধ্যাপকজনে আঙুলিয়াই দিয়ে যে ভূমিকম্পৰ ভৱিষ্যদ্বাণী কোনোপধ্যেই কৰিব নোৱাৰি।






























