US Ban:✒️বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে ইয়াতেই থমকি ৰোৱা নাই মোডীৰ ‘বন্ধু’ ট্ৰাম্প।
এইবাৰ ইৰাণৰ পৰা পেট্ৰ’ল আৰু পেট্ৰলিয়ামজাতীয় সামগ্ৰী ক্ৰয় কৰাৰ ‘অপৰাধ’ৰ বাবে ছটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই।
হোৱাইট হাউছৰ সূত্ৰ অনুসৰি এই ভাৰতীয় কোম্পানীসমূহে আমেৰিকাৰ পাৰমাণৱিক চুক্তি গ্ৰহণ নকৰা ইৰাণৰ স’তে ব্যৱসায় অব্যাহত ৰাখি আমেৰিকাৰ নিষেধাজ্ঞাক কাৰ্যতঃ আওকাণ কৰিছে।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এক বিবৃতিত জনাইছে,”ইৰাণৰ শাসনে মধ্যপ্ৰাচ্যত সংঘাতত ইন্ধন যোগাইছে, অস্থিৰতা সৃষ্টিকাৰী কাৰ্য্যকলাপৰ বাবে ধন আগবঢ়াইছে। আনকি নিজৰ জনসাধাৰণকো অত্যাচাৰ কৰিছে।আমেৰিকাই গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ মূল উদ্দেশ্য হৈছে ইৰাণৰ অৰ্থনৈতিক শক্তি হ্ৰাস কৰা।’
সেইবাবেই দেশৰ বাণিজ্যত আঘাত হানিবলৈ চেষ্টা কৰিছে ট্ৰাম্প প্ৰশাসনে।একেটা কাৰণতে ইৰাণৰ পৰা পেট্ৰ’ল আৰু পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰাৰ বাবে বিশ্বৰ মুঠ ২০টা কোম্পানীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ ভিতৰত ছটা ভাৰতীয় কোম্পানী আছে।






























