Madhya Pradesh:✒️মধ্য প্ৰদেশৰ ইন্দোৰ জিলাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে কানৱাৰৰ তীৰ্থযাত্ৰীক। ঘটনাটোত এজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আহত হয় আন ছজন।
ইন্দোৰৰ ডি এছ পি উমাকান্ত চৌধুৰীয়ে জনাইছে,বুধবাৰে নিশা ইন্দোৰৰ জিলা চহৰৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ কাতি ঘাটি অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।
ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই উজ্জয়িন অভিমুখে খোজকাঢ়ি যোৱা কানৱাৰৰ যাত্ৰীসকলক মহটিয়াই নিয়ে ।
আদৰ্শ ৰাথোৰ নামৰ এজন ভক্তৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত আহত ছগৰাকী ভক্তক মহাৰাজা যশৱন্তৰাও চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জিলাখনৰ শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে আহত ভক্তসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে৷তেওঁ বৰ্তমান চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ট্ৰাকখন এৰি চালকজনে পলায়ন কৰে । আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অঞ্চলটোত তালাচী অব্যাহত ৰাখিছে।






























