Nagaland:✒️অসমত চৰকাৰে অব্যাহত ৰখা বেদখল উচ্ছেদ অভিযানৰ সমান্তৰালভাৱে নগালেণ্ড চৰকাৰেও সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। চুবুৰীয়া ৰাজ্যখনে এই অভিযানৰ অংশৰূপে অসমৰ পৰা যোৱা ট্রাকসমূহৰ চালকসকলক আন্তঃৰাজ্যিক পাৰপত্ৰ (আইএলপি) বিচাৰি হাৰাশাস্তি কৰিবলৈ লৈছে।
এই হাৰাশাস্তি ইমানেই বৃদ্ধি পাইছে যে ট্রাক চালকসকলে অনির্দিষ্ট কালৰ বাবে নগালেণ্ডলৈ ট্ৰাকৰ চলাচল বন্ধ ঘোষণা কৰিছে। তদুপৰি আন বাণিজ্যিক বাহনৰো চলাচল চুবুৰীয়া ৰাজ্যখনলৈ বন্ধ হৈছে। এই সম্পর্কত ট্রাক চালকসকলে কয় যে নগালেণ্ড প্রশাসনৰ বিষয়া তথা আৰক্ষীয়ে হঠাতে আইএলপি বিচাৰি কৰা হাৰাশাস্তি সম্পৰ্কত চুবুৰীয়া ৰাজ্যখনৰ প্ৰশাসনৰ স’তে যোগাযোগ কৰিও চালকসকলে সুফল নাপালে।
তাৰ পৰিৱৰ্তে আইএলপি নথকাৰ অজুহাতত ট্রাক চালকসকলক নগালেণ্ড প্রশাসনৰ বিষয়াই জৰিমনাও বিহিবলৈ ধৰে। লক্ষ্যণীয়ভাৱে এই ক্ষেত্ৰত অসমৰ প্ৰশাসনৰ পৰাও কোনো সঁহাৰি নাপালে। গতিকে আজিৰ পৰা ট্রাক চালকসকলে নগালেণ্ডলৈ সকলো ট্রাক আৰু বাণিজ্যিক বাহনৰ চলাচল অনির্দিষ্ট কালৰ বাবে বন্ধ কৰিছে।
এই সন্দৰ্ভত ট্রাক চালকসকলে জানিবলৈ দিয়া মতে, নগালেণ্ড প্রশাসনে ট্রাক চালকসকলৰ প্ৰতি আইএলপিৰ ক্ষেত্ৰত পূর্বে শিথিল স্থিতি গ্রহণ কৰিছিল। কাৰণ নিতৌ যোৰহাট, মৰিয়নি আদিৰ পৰা সামগ্ৰী কঢ়িয়াই শ শ ট্রাক নগালেণ্ডলৈ চলাচল কৰে।
এই ক্ষেত্ৰত আইএলপি ল’লে চালকসকল কিছু সমস্যাৰ সন্মুখীন হয়। কাৰণ স্থায়ী আইএলপি ল’লে নগালেণ্ডত পৰিয়াল থাকিব লাগিব। এই নিয়ম পালন কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। সেয়েহে ট্রাকচালক-হেণ্ডিমেনসকলে তেওঁলোকৰ ক্ষেত্ৰত আইএলপি ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে।
এই ব্যৱস্থা শিথিল নোহোৱালৈকে নগালেণ্ডলৈ ট্রাক আৰু আন বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব বুলিও ট্রাক চালকসকলে ঘোষণা কৰিছে। আজি ট্রাক চালকসকলে নিউ সোণোৱালত সমবেত হৈ নগালেণ্ড অভিমুখী আইএলপি নথকা মালবাহী বাহনসমূহৰ চলাচলত বাধা প্ৰদান কৰে।
ফলত চুবুৰীয়া ৰাজ্যখনলৈ অসমৰ পৰা ট্ৰাকৰ চলাচল বন্ধ হৈ পৰিছে। এই সম্পর্কে ট্রাক চলাচল সন্থাই মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষীকো অৱগত কৰিছে।






























