UPI: ডিজিটেল ইণ্ডিয়া গঢ়ি তোলাটোৱেই মোডী চৰকাৰৰ লক্ষ্য। আৰু সেইবাবেই নগদবিহীন অৰ্থনীতিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। সেই প্ৰচেষ্টাৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হ’ল ইউপিআই লেনদেন ব্যৱস্থা।
সময়ৰ লগে লগে ৰাইজৰ মাজত ইউ পি আই ব্যৱহাৰৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পাইছে।আজিৰ পৰা সলনি হৈছে ইউ পি আই লেনদেনৰ নিয়ম।
আজিৰ পৰা ইউ পি আই ব্যৱহাৰকাৰীয়ে মানি চলিব লাগিব কেবাটাও নতুন নিয়ম ।বিতংভাৱে জানি লওক এই সমূহ নিয়ম।
আপুনি Paytm, Google Pay বা Phone Pay যিয়ে ব্যৱহাৰ নকৰে কিয় , কিছুমান ফিচাৰৰ ক্ষেত্ৰত নিয়ম সলনি হৈছে।
কি কি সলনি হৈছে?
১) বেলেঞ্চ কিমান আছে সেইয়া Check কৰাৰ ক্ষেত্ৰত এটা নিদিষ্ট সীমা বান্ধি দিয়া হৈছে। এতিয়াৰে পৰা দিনটোত সৰ্বাধিক ৫০ বাৰ বেলেঞ্চ পৰীক্ষা কৰিব পাৰিব।
২)আপোনাৰ মোবাইল নম্বৰৰ লগত লিংক কৰা বেংক একাউণ্টতো চেক কৰাৰ সীমা আছে। দিনটোত সৰ্বাধিক ২৫ বাৰ।
৩) অটো পি অ’ লেনদেনৰ বাবেও এটা নিৰ্দিষ্ট সময় আছে।
৪)আপোনাৰ লেনদেনৰ ষ্টেটাষ্ট চোৱাৰ ক্ষেত্ৰতো সীমা বান্ধি দিয়া হৈছে । মাত্ৰ তিনিবাৰহে পৰীক্ষা কৰিব পাৰিব। আৰু প্ৰত্যেকবাৰ চেক কৰাৰ ক্ষেত্ৰত থাকিব নূন্যতম ডেৰ মিনিট বা ৯০ ছেকেণ্ডৰ ব্যৱধান।
উল্লেখ্য যে,দেশত ৬০০ কোটিৰো অধিক ইউপিআই লেনদেন হয়। শেহতীয়াকৈ অৱশ্যে ডিজিটেল লেনদেন সন্দৰ্ভত বিভিন্ন অভিযোগ শুনা গৈছে।
বিশেষকৈ এপ্ৰিল আৰু মে’ মাহত। ইয়াৰ পাছত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেশ্যনে বিষয়টোৰ তদন্ত কৰে।
এনপিচিআইয়ে আৱিষ্কাৰ কৰিলে যে এই সমস্যাৰ আঁৰৰ এটা কাৰণ হ’ল ব্যৱহাৰকাৰীয়ে বাৰে বাৰে নিজৰ বেলেঞ্চ পৰীক্ষা কৰা। বা বাৰে বাৰে পেমেণ্ট ষ্টেটাষ্ট ৰিফ্ৰেছ কৰা । যাৰ বাবে এইবাৰ নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।
আৰু সেইবাবেই এই নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।






























