- BSF:✒️উপত্যকাত উগ্ৰপন্থী বিৰোধী অভিযানৰ মাজতে শ্ৰীনগৰৰ পৰা নিৰুদ্দেশ হৈছে বি এছ এফৰ এজন জোৱান। ইতিমধ্যে তেওঁক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি,সুগম চৌধুৰী (২৪) নামৰ কনিষ্টবলজন বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে। বি এছ এফৰ ৬০ নং বেটেলিয়নৰ জোৱানজনে পন্থাচকস্থিত মুখ্য কাৰ্যালয়ত থকা শিবিৰত জেনেৰেল ডিউটিত কৰ্মৰত।
এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ জম্মু-কাশ্মীৰত অব্যাহত আছে এক বৃহৎ সন্ত্ৰাসবাদ বিৰোধী অভিযান। এনে পৰিপ্ৰেক্ষিতত বিএছএফৰ জোৱানজন সন্ধানহীন হোৱাত উদ্বেগ বৃদ্ধি পাইছে।
আৰক্ষীয়ে জনোৱা মতে, বি এছ এফে পন্থাচক থানাত এখন নিৰুদ্দেশ ডায়েৰী দাখিল কৰিছে। জোৱানৰ সন্ধান উলিয়াবলৈ পূৰ্ণাংগ অনুসন্ধান অব্যাহত আছে।
পন্থাচক বাছ ষ্টেণ্ড, টেক্সি ষ্টেণ্ড, শ্ৰীনগৰ ৰেল ষ্টেচনত তালাচী চলোৱা হৈছে। কিন্তু বৰ্তমানৰলৈকে তেওঁৰ সন্ধান পোৱা নাই ।
আৰক্ষীয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ সকলো থানাক ফটোৰ স’তে জোৱানজন নিৰুদ্দেশ হোৱাৰ বিষয়ে অৱগত কৰা হৈছে।
সূত্ৰ অনুসৰি,, কনিষ্টবল সুগম চৌধুৰী উত্তৰ প্ৰদেশৰ বুলন্দশহৰৰ কোতৱালি দেহাটৰ শিখেৰা গাঁৱৰ বাসিন্দা।






























