Madhya Majuli:মধ্য মাজুলীলৈ ভাবুকি ! ব্ৰহ্মপুত্ৰৰ বালিচৰ খন্দাক লৈ মাজুলীৰ জাৰণিসোণোৱালত তীব্ৰ প্ৰতিবাদ

শিশু মহিলা সহ ওলাই আহি পথত অৱস্থান কৰি আবদ্ধ কৰে বালি ভৰ্তি ডাম্পাৰ,ব্ৰহ্মপুত্ৰৰ চাপৰিত মাটি খান্দিবলৈ দি জিলা প্ৰশাসনে ১৪৪ ধাৰা ভংগ কৰাৰ অভিযোগ

majuli main

Madhya Majuli:

অসম চৰকাৰ হায় হায়, মাজুলীৰ বিধায়ক হুচিয়াৰ ধ্বনিত উত্তাল প্ৰতিবাদস্থলী। মধ্য মাজুলীৰ অন্তৰ্গত পোহাৰদিয়া গাঁৱৰ নিছেই কাষতে ব্ৰহ্মপুত্ৰৰ বালিছৰ খান্দি ডাম্পাৰে ডাম্পাৰে বালি ভৰ্তি কৰি নিৰ্মীয়ম লখিমপুৰ- ধুনাগুৰি সংযোগী দলংলৈ মাটি নিবৰ বাবে অনুমতি দিয়া কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মধ্য মাজুলী অঞ্চল। ব্ৰহ্মপুত্ৰ কাষৰ মাটি খান্দি নিয়াৰ ফলত ভৱিষ্যত দিনত

পোহাৰদিয়া,জাৰণিসোণোৱাল,বেঙেনাআটী সত্ৰ, বৃহৎ কমলাবাৰী, নতুন কমলাবাৰী সত্ৰ,উত্তৰ কমলাবাৰী সত্ৰ, আউনীআটী সত্ৰৰ লগতে বৃহৎৰ মধ্য মাজুলী অঞ্চললৈ ব্ৰহ্মপুত্ৰই তীব্ৰ ভাবুকি কঢ়িয়াই আনিব।ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত নিঃশেষ হৈ যাব পাৰে এই অঞ্চল।

যাৰ বাবে এতিয়া শংকাত এই অঞ্চলবাসী। এই অঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত আজি পথলৈ ওলাই আহিল অঞ্চলৰ গাঁওবাসী । ব্ৰহ্মপুত্ৰৰ চাপৰিত মাটি খান্দিবলৈ দিয়া অনুমতি বাতিল কৰিবলৈ জিলা প্ৰশাসন,জলসম্পদ বিভাগক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

Exit mobile version