Russian oil:✒️ড’নাল্ড ট্ৰাম্পৰ ‘ভাবুকি’ৰ আগত একেবাৰেই হাৰ মনা নাই ভাৰতে । বৰঞ্চ দীৰ্ঘদিনীয়া বন্ধু ৰাছিয়াৰ স’তে সম্পৰ্কক অধিক গুৰুত্ব দিছে। চৰকাৰী সূত্ৰ অনুসৰি ভাৰতলৈ ৰাছিয়াৰ আমদানি হ্ৰাস কৰাৰ কোনো সম্ভাৱনা নাই।
উল্লেখ্য যে শুকুৰবাৰে সংবাদ সংস্থাৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতৰ শীৰ্ষ চাৰিটা তেল শোধনাগাৰে ৰাছিয়াৰ তেল আমদানি বন্ধ কৰি দিছে। তাৰ পাছৰ পৰাই আৰম্ভ হৈছে বিতৰ্ক।
শুকুৰবাৰৰ পৰা কাৰ্যকৰী হয় ট্ৰাম্পৰ নতুন শুল্ক নীতি। তেতিয়াৰ পৰাই বিভিন্ন সংবাদ মাধ্যমে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি বাতৰি প্ৰকাশ কৰি আহিছে।তাৰ কাৰণ ৰাছিয়াৰ তেলৰ দাম ইমান দিন পৰ্যন্ত যিমান ৰেহাই পোৱা গৈছিল সেয়া এতিয়া কমিছে।
তদুপৰি ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাত প্ৰত্যক্ষভাৱে অসন্তুষ্টি প্ৰকাশ কৰিছে আমেৰিকাই। এই যুক্তি ব্যৱহাৰ কৰি সংবাদ সংস্থাই প্ৰকাশ কৰিছে যে যোৱা এসপ্তাহত ভাৰতৰ চাৰিটা শোধনাগাৰে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিছে।
এই চাৰিটা শোধনাগাৰ হ’ল ভাৰতীয় তেল নিগম, হিন্দুস্তান পেট্ৰলিয়াম, ভাৰত পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেলছ।
ৰয়টাৰৰ এই খবৰ বিয়পি পৰাৰ লগে লগে জল্পনা-কল্পনাৰ সৃষ্টি হ’ল।কাৰণ শুকুৰবাৰৰ পৰা কাৰ্যকৰী হ’ল ট্ৰাম্পৰ নতুন শুল্ক নীতি।
ৰাছিয়াৰ পৰা অস্ত্ৰ আৰু তেল ক্ৰয় কৰাৰ বাবে ভাৰতক পৃথকে শাস্তি দিয়া উচিত বুলিও উল্লেখ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। অৱশ্যে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “শক্তি সম্পদৰ ক্ষেত্ৰত আমাৰ স্থিতি সকলোৱে জানে। আমাৰ প্ৰয়োজন, ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু বজাৰৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি শক্তি সম্পদ আমদানি কৰা হয়।”
অৱশ্যে সংবাদ মাধ্যমৰ এই খবৰ বিয়পি পৰাৰ পাছতে ট্ৰাম্পে কয়, “শুনিছো যে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে। বৰ্তমান মই মাত্ৰ এয়াই শুনিছো, এই খবৰ সঁচা নে মিছা নাজানো। কিন্তু ভাৰতৰ বাবে এয়া এক ভাল পদক্ষেপ।”
কিন্তু ভাৰতে ৰাছিয়াৰ তেল আমদানি বন্ধ কৰাৰ কথা চিন্তা কৰা নাই বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। অৰ্থাৎ ভাৰতে ট্ৰাম্পৰ দাবী নাকচ কৰিছে।
তথ্য অনুসৰি ,শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শক্তি আমদানিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি স্পষ্ট কৰি দিয়ে।
ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো খবৰ কেন্দ্ৰৰ পৰা পোৱা নাই। মন কৰিবলগীয়া যে জয়ছৱালে জনাইছে যে ভাৰতৰ ৰাছিয়াৰ স’তে দীৰ্ঘদিন ধৰি দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হৈ আহিছে। গতিকে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি কৰা দাবীৰ বাস্তৱতা এতিয়া প্ৰশ্নবোধক হৈয়েই আছে।






























