BTC Election:বিটিচিৰ গুমা সমষ্টিত বিজেপিৰ সভাত  অন্ত:কন্দল 

গোসাঁইগাঁৱত বিজেপিৰ গুমা মণ্ডল যুৱ মৰ্চাৰ সংবাদমেল

bjp

BTC Election:

বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ এটামাহ ৷ নিৰ্বাচনৰ কুজকাৱাজৰ মাজতে গুমা পৰিষদীয় সমষ্টি বিজেপিৰ সভাত অন্ত:কন্দল ৷ গোসাঁইগাঁও মহকুমা তথা বিটিচিত গুমা সমষ্টিৰ কুৰ্শাকাটিত মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত বিজেপিৰ যোগদান সভাত বিজেপিৰ গুমা মণ্ডলৰ প্ৰাক্তন সভাপতি নিলেশ্বৰ ৰায়ক মঞ্চত প্ৰৱেশত বাধা কৰিছিল।

দলৰ একনিষ্ঠ কাৰ্য্যকৰ্তা দলৰ হৈ বহুদিনৰে কাম কৰি অহা নিলেশ্বৰ ৰায়ক ৰাজহুৱা ভাৱে ইএম সজল সিংহৰ সমৰ্থকে অপদস্থ কৰাত দলৰ কৰ্তকৰ্তা সকলে ক্ষোভিত হৈ শনিবাৰে  গোসাঁইগাঁও প্ৰেছ ক্লাৱত গুমা মণ্ডল যুৱ মৰ্চাই সংবাদমেল সম্বোধন কৰে।

Exit mobile version