Gossaigaon Visit Minister Ashok Singhal:
গোসাঁইগাঁও মহকুমা তথা বিটিচিৰ ২ নম্বৰ গুমা সমষ্টিৰ অন্তৰ্গত কুৰ্শাকাটিত আজি গুমা মণ্ডল বিজেপিৰ উদ্যোগত এটি বৃহত যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল।
ADVERTISEMENT
কাৰ্য্যসুচীত সহস্ৰাধিক লোকে বিভিন্ন দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে- ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস দিনক দিনে বৃদ্ধি হৈছে । আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী সকলে বিপুল ভোটত জয়ী হ’ব বুলি তেঁও কয়।






























