Jyotikuchi Sankardev Road:
এজাক বৰষুণ দিলেই মহানগৰীৰ অধিকাংশ পথ – উপপথ জলমগ্ন হৈ পৰাৰ দৃশ্য মহানগৰীৰ বাবে চিৰপৰিচিত । পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তগৰ্ত ২২ নং ৱাৰ্ডৰ জ্যোতিকুছিৰ তিনিআলীৰ শতাব্দী সংযোগী শংকৰদেৱ পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এটা দ- খাৱৈত পৰিণত হৈছে ৷ এজাক বৰষুণৰ দিলেই পথছোৱাত একাঠু পৰ্যন্ত পানী হৈ এটা জলাশয়লৈ পৰ্যবেশিত হয় ৷
পথছোৱাত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত স্কুলীয়া শিক্ষাৰ্থী সহ বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত লোকসকল একপ্ৰকাৰ ঘৰতে আবদ্ধ হৈ পৰিবলগীয়া হয় ৷ কেচা পথটি পকীকৰণৰ বাবে স্থানীয় ২২নং ৱাৰ্ডৰ পাৰিষদ স্মিতা ৰয়ৰ জৰিয়তে জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়া আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অঞ্চলবাসীয়ে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো আজিকোপতি হৈ নুঠিল পকীকৰণ ৷
শেহতীয়াকৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জ্যোতিকুছিৰ শতাব্দী পথৰ সংযোগী শংকৰদেৱ পথত অনুষ্ঠিত এক সভাত উপস্থিত থাকি শংকৰদেৱ পথটি পকীকৰণৰ আশ্বাস দিছিল ৷ কিন্ত বিধায়কৰ আশ্বাসে নাপালে কোনো গতি ৷
জ্যোতিকুছিৰ শতাব্দী পথৰ সংযোগী শংকৰদেৱ পথৰ ৰাইজে পুনৰ মেয়ৰ আৰু বিধায়কলৈ কাতৰ অনুৰোধ পথটি অচিৰেই পকীকৰণ কৰক ৷






























