Rajasthan:
বিয়াৰ পাছত তেওঁ পত্নীৰ বিলাসী জীৱনশৈলীৰ বাবে ধন সংগ্ৰহ কৰিব নোৱাৰিলে। ইয়াৰ পাছত বিবিএ স্নাতক গৰাকীয়ে এটা কঠিন সিদ্ধান্ত লৈছিল। অধিক টকা উপার্জন কৰিবলৈ চাকৰি এৰি চুৰি কৰিবলৈ ধৰিলে।
অৱশ্যে তেওঁৰ কাম বেছি দিন নাথাকিল। অৱশেষত আৰক্ষীৰ জালত ধৰা পৰিল চোৰটো। আৰক্ষীয়ে জনোৱা মতে, যুৱকজনৰ নাম তৰুণ পাৰিক। ৰাজস্থানৰ জামৱাৰামগড় গাঁৱৰ বাসিন্দা তেওঁ। বিবিএ পাছ কৰাৰ পাছত তেওঁ এটা কোম্পানীত কাম কৰিছিল। এমাহ আগতে তেওঁৰ বিয়া হৈছিল। অবশ্যে বিয়াৰ পাছত পত্নীৰ বিলাসী জীৱনশৈলীক লগ পাবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ পাছত তেওঁ চুৰি কৰাৰ সিদ্ধান্ত ল’লে।
তেতিয়াৰ পৰাই জয়পুৰত চুৰি কৰি আহিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শেহতীয়াকৈ জয়পুৰৰ পৰিবহণ নগৰ অঞ্চলত সংঘটিত হৈছে এক শৃংখলাবদ্ধ ডকাইতি। ম্লান পোহৰত এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন এড়াল কাঢ়ি লৈ গ’ল। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি যুৱকজনৰ নাম গম পায়।
চিচিটিভিৰ ফুটেজ চাই যুৱকজনক চিনাক্ত কৰে। তাৰ পাছতে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰা হয়। অৱশেষত শুকুৰবাৰে গ্ৰেপ্তাৰ হয় যুৱকজন। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, অভিযুক্তক আন কোনো চুৰি আৰু ডকাইতিৰ লগত জড়িত নেকি সেই বিষয়ে জানিবলৈ জেৰা কৰা হৈছে।






























