Himanta Biswa Sarma:✒️বিপিএফ-ইউপিপিএলৰ মাজত একত্ৰীকৰণ সম্বন্ধীয় চৰ্চা অব্যাহত থকাৰ সময়তে শনিবাৰে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। শনিবাৰে ওদালগুৰি জিলাত বিজেপিৰ বিজয় সংকল্প সভাত আগন্তুক বিটিচি নিৰ্বাচনৰ ৰণডংকা বজাই ড° শৰ্মাই কয়, ‘বিপিএফ আৰু ইউপিপিএল আমাৰ কোনো শত্রু নহয়। বিটিআৰত জয়ী হ’বলৈহে নির্বাচন খেলিম।’
লক্ষ্যণীয় যে আগন্তুক বিটিচি নির্বাচনত বিজেপিয়ে পৰিষদখনৰ ৪০ টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব বুলিও ঘোষণা কৰি আহিছে। এনে অৱস্থাতে মুখ্যমন্ত্রীয়ে বিপিএফ আৰু ইউপিপিএল সম্পৰ্কত এই মন্তব্য কৰে।
লগতে তেওঁ আন এক তাৎপর্যপূর্ণ মন্তব্য কৰি কয়, ‘বিটিআৰত কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’ব নালাগে। সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ সমমর্যাদাবে, শান্তি-সম্প্রীতিৰে বসবাস কৰিব লাগিব।’
লক্ষ্যণীয় যে মিত্র দল ইউপিপিএলক এৰি বিজেপিয়ে এইবাৰ নিজাববীয়াকৈ পৰিষদীয় নির্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে। ৰাজ্যৰ শাসক দলটোৱে তাৰ বাবে বিটিচিৰ অবড়ো ভোটক লক্ষ্য কৰি লৈছে। মাটি-বাৰীৰ সমস্যা সমাধানৰ লগতে উন্নয়নৰ গংগা বোৱাই দিয়াৰ সংকল্পৰ কথাও উল্লেখ কৰে।
তেওঁ লগতে কয়, ‘বিটিআৰত আমাৰ খিলঞ্জীয়া লোকৰ ভূমি সমস্যা নাথাকিব। আমাৰ মানুহক ভূমিৰ কোনো নথিপত্র বিচৰা নহ’ব।’ যাৰ নথিপত্ৰ বিচাৰিব লাগে তাৰ নথিপত্ৰহে বিচৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কয় যে বেদখল দুই প্ৰকাৰৰ।
খিলঞ্জীয়াৰ বেদখলক বেদখল বুলি নাভাবে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয়, ‘যিসকল বাংলাদেশৰ পৰা আহিছে, তেওঁলোকৰ বেদখলক বেদখল বুলি ভাবো। আহোম, মটক, কোচ ৰাজবংশী সকলোৱে সমান অধিকাৰ পোৱাৰ লগতে অসমীয়া তথা ভাৰতীয় খিলঞ্জীয়াসকলৰ অসুবিধা নোহোৱাকৈ আইন প্রণয়ন কৰিব লাগে।’
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী পৰৱৰ্তী নির্বাচনত বিজয়ী হৈ মন্ত্রী হৈ থাকিব বুলিও তেওঁ মন্তব্য কৰে। বিগত বিটিচি নির্বাচনত বিজেপিয়ে আসন দখল কৰে যদিও এইবাৰ অধিক ভাল ফলাফল পাব বুলিও তেওঁ আশা প্রকাশ কৰে।
আনহাতে, সভাত ভাষণ দি ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰচেষ্টাত বিটিচিত শান্তিৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে ২৬ টা জনগোষ্ঠীৰ সমউন্নয়ন-সমবিকাশ সাধন হৈছে।
আজিৰ পৰা পাঁচ বছৰ পূৰ্বে কমেও ৪০ হেজাৰ লোক বিভিন্ন কাৰণত লাঞ্ছিত হৈছিল যদিও একমাত্র প্রধানমন্ত্রী মোদী আৰু গৃহমন্ত্রী শ্বাহৰ একান্ত প্রচেষ্টাত এইসকল লোকে শান্তিপূর্ণভাবে ব্যৱসায় কৰিব পাৰিছে বুলিও শইকীয়াই দাবী কৰে। সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শাস্তিয়াছ কুজুৰ, জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, কমলপুৰৰ বিধায়ক আদিয়েও অংশগ্রহণ কৰে।






























