Accident:✒️গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ পৰা কিছু নিলগত পদ্মবিলত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক। নিহত লোকজন গোসাঁইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ এক নম্বৰ বালাপাৰা গাঁৱৰ নিবাসী আশীদুল হক ।
লোকজন ২৭ নম্বৰ(বি) ৰাষ্ট্ৰীয় ঘাইপথেৰে নিজা AS 16 L 7854 নম্বৰৰ মটৰ চাইকেল লৈ পশ্চিমবংগ অভিমুখে গৈ আছিল। ডবা পিটা বৰষুণৰ বাবে ৰাষ্ট্ৰীয় পথত থকা স্পীড ব্ৰেকাৰ দেখা নাপাই ৰাষ্ট্ৰীয় পথত মটৰ চাইকেলৰ পৰা ছিটকী পৰে ।
একে সময়তে একে দিশৰ পৰা PB 06 AU 9796 নম্বৰৰ এখন মালবাহী ট্ৰাকে মহটিয়াই নিয়ে লোকজনক। চলন্ত ট্ৰাকৰ সমুখত হঠাৎ ছিটকী পৰা বাবে ট্ৰাক চালক গৰাকীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল।
ট্ৰাকে মহতিয়া নিয়া লোকজন গুৰুতৰ আহত হৈহয় ।স্থানীয় ৰাইজে ততাতৈয়াকৈ উদ্বাৰ কৰি গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত নিয়ে যদিও চিকিৎসা কৰাৰ পূৰ্বে লোকজন মৃত্যুক সাৱটি লয়।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে ৰাষ্ট্ৰীয় পথত থকা সংকেত বিহীন স্পীড বেকাৰ আৰু বৰষুণৰ ফলত লোকজন মৃত্যুক সাৱটি লয়। গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ দিয়া স্পীড বেকাৰ সমূহ সংকেত যুক্ত কৰি দিবলৈ দাবী জনায় ৰাইজে।






























