Murder ✒️ডিব্ৰুগড় বৰবৰুৱাৰ উত্তম গগৈৰ নৃশংস হত্যাক লৈ পত্নী কন্যা সহ চাৰিজনক আটক বৰবৰুৱা আৰক্ষীৰ। যোৱা ২৫ জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড।
বৰবৰুৱাৰ লাহনগাঁৱৰ উদীয়মান ব্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংস ভাৱে হত্যা কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱা শুৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী ছেদেলি ভেদেলি কৰি মুল্যবান বয়- বস্তু চোৰ কৰি লৈ গৈছিল হত্যাকাৰীয়ে ।
ই এক ডকাইটিৰ ঘটনা বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য । জানিব পৰা অনুসৰি উদীয়মান ব্যৱসায়ী উত্তম গগৈক নিজৰ পত্নী আৰু কন্যাই চুপাৰী কিলাৰ লগাই হত্যা কৰিছিল।
কিয় এই হত্যাকাণ্ড কৰিছিল সেই কথা সঠিককৈ জানিব পৰা হোৱা নাই যদিও আজি পুৱাই বৰবৰুৱা আৰক্ষীয়ে আটক কৰিছে উত্তম গগৈৰ পত্নী ববী গগৈ, নৱম শ্ৰেণীৰ অধ্যয়নত কন্যা আৰু কন্যাৰ প্ৰেমিক জামিৰা মটক গাওঁ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী জামিৰা পাত্ৰ গাঁৱৰ গৌৰাঙ্গ পাত্ৰক।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব্যৱসায়ী উত্তম গগৈক । এই হত্যাকাণ্ড কৰি ডকাইটিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।
বৰবৰুৱা আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে। আৰক্ষীৰ জেৰাৰ পাছতহে এতিয়া হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্যৰ কাৰণ জানিব পৰা যাব ।।






























