Earthquake:✒️ আন এক প্ৰবল ভূমিকম্পই কঁপালে ৰাছিয়া! ভাৰতৰ সময় অনুসৰি দেওবাৰে দুপৰীয়া ৰাছিয়াৰ পূব অঞ্চলৰ কুৰিল দ্বীপপুঞ্জত ভূমিকম্প অনুভৱ হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭।
প্ৰসংগক্ৰমে শনিবাৰে একেটা অঞ্চলতে ৬.৩ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। ইটোৰ পাছত সিটো ভূমিকম্পৰ ফলত আতংক বৃদ্ধি পাইছে।
জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় সময় অনুসৰি দেওবাৰে দুপৰীয়া ৰাছিয়াৰ পূব দিশৰ কুৰিল দ্বীপপুঞ্জত ৬.৭ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হয়।
ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ভূপৃষ্ঠৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰত। প্ৰাৰম্ভিক মাত্ৰা ৬.৩৫ বুলি অনুমান কৰা হৈছিল। পাছত ইউ এছ জি এছে জনাইছে যে,ভূমিকম্পৰ প্ৰকৃত মাত্ৰা ৬.৭।
প্রশান্ত মহাসাগৰীয় চুনামী সতৰ্কবাণী ব্যৱস্থাইও জনাইছে, দেওবাৰে হোৱা ভূমিকম্পৰ মাত্রা প্ৰায় ৭। অৱশ্যে ভূমিকম্পৰ পাছত নতুনকৈ চুনামীৰ সতর্কতা জাৰি কৰা হোৱা নাই।






























