Hamas: ✒️হামাছৰ সন্ত্রাসবাদীয়ে বৰ্বৰতাৰ সকলো সীমা অতিক্ৰম কৰিলে। হামাছে গাজাত বন্দী কৰি ৰখা এজন ইজৰাইলী নাগৰিকক নিজৰ কবৰ খান্দিবলৈ বাধ্য কৰোৱাৰ এক ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত প্ৰচাৰ হৈছে।
ইজৰাইল চৰকাৰৰ এজন প্রাক্তন মুখপাত্রই নিজৰ এক্স একাউণ্টত উক্ত ভিডিঅ’ শ্বেয়াৰ কৰি এইদৰে লিখিলে, ‘হামাছ কিমান মানসিকভাৱে বিকাৰগ্ৰস্ত? তেওঁলোকে ভোকাতুৰ পণবন্দী এবয়েটাৰ ডেভিডক নিজৰ বাবে কবৰ খান্দিবলৈ বাধ্য কৰালে। যদি এই ঘটনা প্রমাণিত হয়, তেন্তে এয়া অতি অমানবীয় আৰু মানসিক নির্যাতনৰ চৰম উদাহৰণ হ’ব।’
ইজৰাইলৰ প্ৰাক্তন মুখপাত্রজনে সামাজিক মাধ্যমত প্ৰচাৰ কৰা উক্ত ভিডিঅ’ত এজন অস্থি-চর্মসাৰ লোকে মাটি খান্দি থকা দৃশ্য আবদ্ধ হৈছিল। পূর্বেও হামাছে ইজৰাইলী পণবন্দীক নৃশংস অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।






























