Air india:বিপদে যেন লগ নেৰা হৈছে।এইবাৰ ভুৱনেশ্বৰ বিমানবন্দৰত স্থগিত হ’ল এয়াৰ ইণ্ডিয়াৰ দিল্লী অভিমুখী এখন বিমান যাত্ৰা। বিমানখনৰ কেবিনৰ উষ্ণতা চৰম পৰ্যায়ত উপনীত হ’ল। ইয়াৰ পাছতে যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিমান সংস্থাটোৱে বিমানখন বাতিল কৰে।
ADVERTISEMENT
যান্ত্ৰিক বিজুতিৰ বাবে কেবিনৰ উষ্ণতা অধিক হোৱা বিমানখনত কিমানজন যাত্ৰী আছিল, বা বিকল্প উপায়েৰে তেওঁলোকক গন্তব্যস্থানলৈ কেনেকৈ লৈ যোৱা হৈছিল সেই বিষয়ে বিতং তথ্য দিয়া নাই এয়াৰ ইণ্ডিয়াই।
উল্লেখ্য যে, দেওবাৰে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানত যান্ত্ৰিক ত্ৰুটি ধৰা পৰে।বৃহস্পতিবাৰে দিল্লীৰ পৰা লণ্ডন অভিমুখে ৰাওনা হৈছিল ফ্লাইট এ আই ২০১৭।






























