Flash Flood: ✒️বিগত দুমাহ ধৰি অবিৰত বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে মধ্যপ্ৰদেশ ।ধাৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতিৰ ফলত ৰাজ্যজুৰি ব্যাপক ক্ষতিসাধনৰ লগতে প্ৰাণ হেৰুৱাইছে।
ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি এই বাৰিষাত এতিয়ালৈকে ৰাজ্যখনত ২৫২ জন লোকৰ মৃত্যু হৈছে।ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ কেবাটাও গুৰুত্বপূৰ্ণ পথ ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত সাধাৰণ ৰাইজৰ সমস্যাৰ সৃষ্টি হৈছে।
সূত্ৰৰ অনুসৰি , ২৫২ জন নিহত লোকৰ ভিতৰত কিছুসংখ্যকৰ মৃত্যু হৈছে বজ্ৰপাত, ভূমিস্খলন, গছ-গছনি সৰি পৰা আৰু বানপানীৰ পথত বিদ্যুৎস্পৃষ্ট হৈ।
মধ্যপ্ৰদেশৰ প্ৰায় ২৫৪টা গ্ৰাম্য পথ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ সংযোগ বিচ্ছিন্ন হৈ পৰে।
তদুপৰি কেবাটাও ঘৰৰ ক্ষতিসাধন হৈছে। ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ বাবে ৰাজ্য চৰকাৰে সাহায্য শিবিৰ মুকলি কৰিছে। যুদ্ধকালীন তৎপৰতাত উদ্ধাৰ কাম চলি আছে।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ওপৰত নজৰ ৰাখিছে। তেওঁ চৰকাৰী বিষয়াসকলক বানাক্ৰান্তক সকলো ধৰণৰ সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে ৩৬০০ কোটি টকা আবণ্টন দিছে।
মধ্যপ্ৰদেশৰ বানাক্ৰান্ত অঞ্চলত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী মোতায়েন কৰা হৈছে। একে সময়তে জৰুৰীকালীন পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ এটা দুৰ্যোগ সঁহাৰি কেন্দ্ৰ মুকলি কৰা হৈছে। প্ৰয়োজন হ’লে সেনাৰ সহায় বিচৰা হ’ব জনাইছে ৰাজ্যখনৰ চৰকাৰী বিষয়াসকলে ৷
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, এই বাৰিষাত মধ্যপ্ৰদেশত এতিয়ালৈকে ৭১১.৩ মিলিমিটাৰ বৰষুণ হৈছে, যিটো সাধাৰণ গড়তকৈ ৫৯ শতাংশ বেছি। অবিৰত বৰষুণৰ ফলত ৰাজ্যৰ নদী আৰু জলাশয়ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে মথাউৰিসমূহত লক গেটসমূহ খুলি দিয়া হৈছে।






























