Yemen:✒️নিৰাপদ জীৱনৰ সন্ধানত অকাল মৃত্যু! দেওবাৰে য়েমেনৰ উপকূলত শৰণাৰ্থী কঢ়িয়াই অনা এখন নাও ডুবি কমেও ৬৪ জন লোকৰ মৃত্যু । মৰ্মান্তিক এই দুৰ্ঘটনাটোত কমেও ৭৪ জন সন্ধানহীন হৈ আছে।
সোমবাৰে এই মৰ্মান্তিক দুৰ্ঘটনা প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই।দাবী কৰা হৈছে যে নাওখনত ১৫৪ জন যাত্ৰী আছিল, ইয়াৰে অধিকাংশই আফ্ৰিকান আছিল।
প্ৰাপ্ত তথ্য অনুসৰি,এই দুৰ্ঘটনাটো য়েমেনৰ দক্ষিণ প্ৰদেশ আবিয়ান প্ৰদেশৰ সমীপৰ আডেন উপসাগৰত সংঘটিত হয় ।
দুৰ্ঘটনাৰ পাছত মাত্ৰ ১০ জন লোককহে উদ্ধাৰ কৰা হৈছে। ইয়াৰে ন জন ইথিওপিয়ান আৰু এজন য়েমেনী। এতিয়াও সন্ধানহীন হৈ আছে বহুতো লোক।
নিশালৈকে অনুসন্ধান অভিযান চলি থাকিল। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।
হৰ্ণ অৱ আফ্ৰিকা আৰু য়েমেনৰ মাজৰ সাগৰীয় পথটো অত্যন্ত বিপজ্জনক বুলি সকীয়াই দিছে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই।
ইথিওপিয়া আৰু ছোমালিয়াৰ হেজাৰ হেজাৰ লোকে নিৰাপদ জীৱন আৰু কৰ্মৰ সন্ধানত এই পথেৰে য়েমেনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ লক্ষ্য হৈছে য়েমেনৰ মাজেৰে ছৌদি আৰব বা আন উপসাগৰীয় দেশসমূহলৈ যোৱা।
উল্লেখ্য যে,২০২২ চনৰ এপ্ৰিল মাহত হাউথী বিদ্ৰোহী আৰু স্বীকৃতিপ্ৰাপ্ত য়েমেন চৰকাৰৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা হিংসাত্মক পৰিস্থিতি তুলনামূলকভাৱে হ্ৰাস পাইছে।
এই পৰিস্থিতিত নিষেধাজ্ঞাও বৃদ্ধি পাইছে। নতুন জীৱনৰ সন্ধানত অহা বহু প্ৰব্ৰজনকাৰীক য়েমেনত আটক কৰি ৰখা হৈছিল।
নতুন জীৱন বিচাৰি য়েমেনত আৱদ্ধ হৈ পৰিছে বহু প্ৰব্ৰজনকাৰী। আই অ’ এমৰ বাতৰি অনুসৰি য়েমেনত বৰ্তমান প্ৰায় তিনি লাখ ৮০ হেজাৰ শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰী আছে।






























