Paresh Baruah:✒️দক্ষিণ শালমাৰা-মানকাচৰৰ ভাৰত-বাংলাদেশ আৰু অসম-মেঘালয় সীমান্ত, তিনিচুকীয়া-অৰুণাচলৰ চাংলাং সীমান্ত আৰু চৰাইদেউ-শিৱসাগৰৰ লগত সংযুক্ত হৈ থকা নগালেণ্ডৰ মন জিলাৰ সীমান্তক অতি স্পৰ্শকাতৰৰূপে সম্প্ৰতি অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে চিনাক্ত কৰিছে।
আসন্ন স্বাধীনতা দিৱস, ম্যানমাৰত আলফা (স্বাধীন)ৰ ওপৰত চলা বৃহৎ আক্ৰমণ , বাংলাদেশত আলফা (স্বাঃ)ই খোপনি পুতিবলৈ চেষ্টা কৰা আৰু মৌলবাদী সংগঠনৰ তৎপৰতাই এই অঞ্চলকেইটাক স্পৰ্শকাতৰ কৰি তোলা বুলি অসম আৰক্ষীৰ শেহতীয়া তথ্যত প্রকাশ। এনে স্পৰ্শকাতৰ পৰিস্থিতিৰ বাবে ডিব্ৰুগড়ত স্থাপন কৰা অসম সচিবালয়ৰ দ্বিতীয়টো চৌহদ আৰু গুৱাহাটীত জনতা ভৱনক কেন্দ্ৰ কৰি বিশেষ নিৰাপত্তা ব্যবস্থা গঢ়ি তোলা হৈছে। আলফা (স্বাঃ)ই বিগত বৰ্ষৰ দৰে কূটাঘাত সংঘটিত কৰাৰ আশংকা ব্যক্ত কৰা হৈছে।
সেইবাবে জনতা ভৱনৰ চৌদিশক কেন্দ্ৰ কৰি তালাচীসহ কে’বা তৰপীয়া নিৰাপত্তা বেহু আৰক্ষীয়ে গঢ়ি তুলিছে। অসম আৰক্ষীৰ শীৰ্ষ সূত্রই সদৰী কৰা অনুসৰি, ম্যানমাৰত চলা উগ্রপন্থী সংগঠন বিৰোধী অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আলফা (স্বাঃ)ৰ মধ্যম পর্যায়ৰ একাংশ নেতা উন্মুখ হৈ থকাৰ তথ্য চোৰাংচোৱাই লাভ কৰিছে। তেনে নেতাৰ নিৰ্দেশতে সংগঠনটোৰ ‘অভাৰ গ্রাউণ্ড’ সদস্যৰ তৎপৰতা ধৰা পৰিছে।
শেহতীয়াকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত সন্দেহজনক কে’বাজনো লোকক সোধপোছ কৰা হয়। সেইসকলৰ পৰাই ‘অভাৰ গ্ৰাউণ্ড’ সদস্যৰ তৎপৰতাৰ তথ্য পোহৰলৈ আহে। সেয়েহে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা পূব অসমৰ প্ৰতি জিলাৰ আৰক্ষী অধীক্ষকক ‘অভাৰ গ্ৰাউণ্ড’ সদস্যৰ সম্ভেদ উলিয়াবলৈ নির্দেশ দিয়া হৈছে।
বিগত বৰ্ষৰ স্বাধীনতা দিৱসত আলফা (স্বাঃ)ই অসম আৰক্ষীৰ বৰঘৰতে ধুমুহাৰ সৃষ্টি কৰিছিল। সংগঠনটোৱে নিজৰ সামৰিক শক্তি আৰু সক্ৰিয়তাৰ প্ৰমাণ দিবলৈ প্রতীকী ৰূপত দিছপুৰতে আইইডি সংস্থাপন কৰিছিল। লগতে গুৱাহাটীৰ আন তিনিটা স্থানৰ উপৰি ৰাজ্যৰ প্ৰায় ২২টা স্থানত বোমা আৰু বিস্ফোৰক সংস্থাপন কৰিছিল যদিও আৰক্ষীয়ে তাৰ ভুকে নাপালে।
আলফা (স্বাঃ)ই নিজৰ এই কাণ্ডৰ বিষয়ে নিজে খবৰ দিয়াতহে ৰাজ্যৰ গৃহ বিভাগত হাহাকাৰ লাগিছিল। আৰক্ষী আৰু কে’বাটাও নিৰাপত্তা সংস্থাৰ তথ্য অনুসৰি আলফা (স্বাঃ)ই এইবাৰো অসমত যৌথ এনে সামৰিক অভিযান চলোৱাৰ তৎপৰতা অব্যাহত ৰাখিছে। অসমৰ সংগঠনটোক সহায় কৰিছে মণিপুৰৰ পিএলএৰ একাংশ সদস্যই।
আৰক্ষীয়ে প্ৰকাশ কৰা উদ্বেগৰ বিষয়টো হ’ল যে যোৱা তিনিটা মাহৰ ভিতৰত আলফা (স্বাঃ)ৰ নিম্ন পৰ্যায়ৰ কে’বাজনো সদস্যই গুৱাহাটী মহানগৰীত বেছ কিছুদিন বাহৰ পাতি আঁতৰি যায়। সেইসকলৰ প্ৰকৃত উদ্দেশ্য অৱশ্যে অদ্যাপি উদ্ধাৰ হোৱা নাই।
মহানগৰীৰ গড়চুক আৰু জালুকবাৰীৰ লজত বাহৰ পতাৰ তথ্যও আৰক্ষীৰ হাতত আছে। সংগঠনটোরে এই ক্ষেত্ৰত এনে কঠোৰ সতর্কতা অৱলম্বন কৰে যে পৰৱৰ্তী কোনো তথ্য আৰক্ষীৰ হাতত নাই। প্রসংগক্রমে উল্লেখ্য যে এনে সদস্যৰ লগত যিকোনো প্ৰকাৰে সংযোগ স্থাপন হোৱাৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
অৱশ্যে তেওঁলোকৰ পৰাও কোনো তথ্য উদ্ধাৰ নহ’ল।পৰেশ বৰুৱাৰ লগত প্রায় নিয়মীয়া যোগাযোগত আছে ৰাজ্যৰ বহু লোক। আনকি চৰকাৰৰে শীর্ষ মহলৰ কে’বাটাও পক্ষৰ লগত পৰেশ বৰুৱাৰ যোগাযোগ আছে। এনে যোগাযোগৰে ৰাজ্যৰ পৰিৱেশ বিনষ্ট হ’ব পৰা পদক্ষেপ নল’বলৈ আলফা (স্বাঃ)ৰ মুৰব্বীজনক আহ্বান জনাই থকা হৈছে; কিন্তু ম্যানমাৰত চলা আক্ৰমণৰ পাছত পৰেশ বৰুৱাৰ স্থিতি নমনীয়ৰ পৰা কঠোৰ হোৱাৰ তথ্যহে চোৰাংচোৱাই লাভ কৰিছে।
মূলতঃ বৃহৎ আক্রমণ চলিলেও আলফা (স্বাঃ)ৰ ৰাজহাড় যে দুর্বল হোৱা নাই, তাক প্রতিপন্ন কৰাৰ চেলু বিচাৰি আছে সংগঠনটোৱে। চোৰাংচোৱাৰ হাতত থকা তথ্য অনুসৰি, অৰুণোদয় দহোটীয়াসহ কে’বাজনো নেতা সামৰিক শক্তি প্ৰদৰ্শনৰ বাবে উদ্বাউল হৈ আছে।
ইপিনে, পশ্চিম অসমত আলফা (স্বাঃ)ই সংগঠন পুনৰগঠনৰ চেষ্টা অব্যাহত ৰাখিছে। তাৰ বাবে বাংলাদেশত শিবিৰ স্থাপনৰ এক প্রক্রিয়াও চলিছে। অৱশ্যে এই তৎপৰতা বিশেষ গুৰুত্ব দিব বিচৰা নাই অসম আৰক্ষীয়ে। তাৰ বিপৰীতে মৌলবাদী সংগঠনহে উদ্বেগৰ বিষয় হৈছে।
ইয়াকে লৈ থকা বিশেষ তথ্যৰ ভিত্তিত মানকাচৰ-মেঘালয় সীমান্তৰ মিৰজুমলাৰ লগতে খাৰুৱাবান্ধাৰ বিভিন্ন স্থানত ব্যাপক তালাচী চলোৱাৰ উপৰি চোৰাংচোৱা ব্যৱস্থাকো অধিক সক্রিয় হোৱাৰ নিৰ্দেশ দিছে অসম আৰক্ষীয়ে। একেদৰে সতৰ্ক কৰা হৈছে বিএছএফক। জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত বিএছএফৰ টহল বিশেষকৈ নিশাৰ ভাগত বৃদ্ধি কৰা হৈছে।






























