Medicine:✒️৩৫ টা অত্যাৱশ্যকীয় ঔষধৰ খুচুৰা মূল্য হ্ৰাস কৰিছে কেন্দ্ৰই। এই ঘোষণা নিঃসন্দেহে সাধাৰণ মানুহৰ বাবে সকাহ। দেশত ঔষধৰ মূল্য নিৰ্ধাৰণৰ দায়িত্বত থকা নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে জনাইছে,সাধাৰণ মানুহক প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে।
এই তালিকাত সুপৰিচিত ফাৰ্মা কোম্পানীসমূহৰ এন্টিবায়টিক, এন্টি ডায়েবেটিক, কাৰ্ডিঅ’ভাস্কুলাৰ, এন্টি ইনফ্লেমেটৰী আৰু চাইকিয়াট্ৰিক ঔষধ অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ বজাৰত কম দামত উপলব্ধ হ’ব এই ঔষধ।
মূল্য হ্ৰাসৰ তালিকাত থকা ফৰ্মূলেচনসমূহৰ ভিতৰত আছে এচিক্ল’ফেনাক, পেৰাচিটামল আৰু ট্ৰিপচিন চাইমোট্ৰিপচিন, এমোক্সিচিলিন আৰু পটাছিয়াম ক্লেভুলেনেট, এট’ৰভাষ্টেটিনৰ সংমিশ্ৰণ আৰু এন্টি-ডায়েবেটিক সংমিশ্ৰণ যেনে এম্পাগ্লিফ্ল’জিন,চিটাগ্লিপ্টিন আৰু মেটফৰ্মিন।
হৃদৰোগৰ বাবে ব্যৱহাৰ কৰা হয় Atorvastatin । এট’ৰভাষ্টেটিন ৪০ মিলিগ্ৰাম আৰু ক্লপিড’গ্ৰেল ৭৫ মিলিগ্ৰামৰ সংমিশ্ৰণেৰে তৈয়াৰী টেবলেটৰ মূল্য এতিয়া ২৫.৬১ টকা হ’ব।
আকুমছ ড্ৰাগছ এণ্ড ফাৰ্মাচিউটিকেলছ আৰু ডাঃ ৰেড্ডীজ লেবৰেটৰীৰ এচিক্ল’ফেনাক-পেৰাচিটামল-ট্ৰিপচিন চাইম’ট্ৰিপচিন টেবলেটৰ মূল্য এতিয়া ১৩ টকা কৰা হৈছে।
কেডিলা ফাৰ্মাচিউটিকেলছৰ একেটা প্ৰস্তুতিৰ মূল্য এতিয়া ১৫.০১ টকা।এট’ৰভাষ্টেটিন ৪০ মিলিগ্ৰাম আৰু ক্লপিড’গ্ৰেল ৭৫ মিলিগ্ৰামৰ টেবলেটৰ মূল্য এতিয়া ২৫.৬১ টকা।
শিশুৰ বাবে চেফিক্সাইম আৰু পেৰাচিটামলৰ অৰেল চাচপেনচনৰ মূল্যও হ্ৰাস কৰা হৈছে। ডাইক্ল’ফেনাক বেজীৰ মূল্য হৈছে ৩১.৭৭ টকা।
ভিটামিন ডি পৰিপূৰক হিচাপে কলেকেলচিফেৰল ড্ৰপ আৰু ডাইক্ল’ফেনাক বেজীৰ দৰে গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য প্ৰতি মিলিলিটাৰত ৩১.৭৭ টকা নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে এই আটাইকেইটা ঔষধৰ দামত সংযোজন হ’ব জি এছ টি।
অফিচিয়েল অৰ্দাৰত স্পষ্টকৈ উল্লেখ আছে যে ঔষধ বিক্ৰেতা আৰু ব্যৱসায়ীসকলে এই তালিকাখন তেওঁলোকৰ দোকানত ওলোমাই ৰাখিব লাগিব। ক্ৰেতাৰ পৰা নিৰ্ধাৰিত মূল্যতকৈ অধিক ধন লোৱা ব্যক্তিয়ে আইনী শাস্তিৰ সন্মুখীন হ’ব লাগিব।






























