Rangia JNV:
কেন্দ্রীয় শিক্ষা ব’ৰ্ডৰ দ্বাৰা পৰিচালিত আৱাসিক বিদ্যালয় ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত বিগত কমেও এমাহ ধৰি একাংশ জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা এজন ছাত্র যৌন উৎপীড়নৰ সম্মুখীন হৈ অহাৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত একাদশ শ্ৰেণীৰ সাতজন ছাত্রই যৌন উৎপীড়ন চলায়।
বিগত কিছুদিন ধৰি ভুক্তভোগীয়ে অস্বাভাৱিকভাৱে কন্দাকটা কৰিবলৈ লোৱাত বিদ্যালয় কর্তৃপক্ষই তেওঁৰ মাক-দেউতাকক মাতি পঠায়। যোৱা পহিলা আগষ্টত মাক-দেউতাকে বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰজনক ঘটনাৰ বিষয়ে জানিবলৈ বিচৰা সত্ত্বেও তেওঁ মুখ নুখুলিলে। তেতিয়া শিক্ষকসকলে মাক-দেউতাকক বুজাই-বঢ়াই ঘৰলৈ যাবলৈ দিয়ে। তেওঁলোকে বিদ্যালয় এৰি যোৱাৰ সময়ত ভুক্তভোগীয়ে এখন চিঠি মাতৃৰ হাতত দি ঘৰলৈ গৈ পঢ়াৰ বাবে অনুবোধ জনায়। মাতৃয়ে ঘৰত গৈ চিঠিখন পঢ়াৰ লগে লগে সকলো কথা গম পাই কিংকর্তব্যবিমূঢ় হৈ পৰে।
তেওঁলোকে তৎক্ষণাত পুনৰ বিদ্যালয়লৈ আহি অধ্যক্ষক সকলো কথা বিৱৰি কয়। এই অভিযোগৰ ভিত্তিত অধ্যক্ষই এখন তদন্ত সমিতি গঠন কৰি সমিতিৰ জৰিয়তে অপৰাধটোৰ স’তে জড়িত সাতজন ছাত্রক চিনাক্ত কৰে। পাছত তেওঁলোকৰ পিতৃ-মাতৃক মতাই আনি ছাত্রসকলক ঘৰলৈ পঠাই দিয়ে। তাৰ পাছতে অধ্যক্ষই ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
এই এজাহাৰত ভিত্তি কৰি আৰক্ষীয়ে পক্স’ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ছাত্রকেইজনক আটক কৰি ৰঙিয়া থানালৈ আনে। আৰক্ষীয়ে তেওঁলোকক জেৰা কৰাৰ অন্তত আমিনগাঁওস্থিত জুভেনাইল আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্তকেইজনক বকোস্থিত শিশু গৃহলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।
অভিযোগ অনুসৰি বিদ্যালয়খনৰ অধ্যক্ষৰ লগতে অন্যান্য শিক্ষক-শিক্ষয়িত্রীসকল আৰু ছাত্ৰাৱাসৰ ৱার্ডেনৰ হেমাহিৰ ফলত এই অভাৱনীয় কাণ্ড সংঘটিত হয়। স্বাভাৱিকতে এই ঘটনাই ৰঙিয়া অঞ্চলত প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটোৱে বিদ্যালয়খনৰ নিৰাপত্তাৰ দিশক লৈও প্ৰশ্নৰ উদ্ৰেক কৰিছে। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত নৈতিক শিক্ষা আৰু সুৰক্ষাৰ প্রতি সজাগতাৰ প্ৰয়োজনীয়তাকো প্রকট কৰি তুলিছে।






























