Sasal Protest:
ৰাজ্যৰ নামনি- উজনিত অব্যাহত থকা উচ্ছেদৰ মাজতে সোমবাৰে মহানগৰীৰ শিলসাঁকোৰ উচ্ছেদিতৰ পুনৰ্সংস্থাপনৰ দাবীত অৱস্থান ধৰ্মঘটত বহিল উচ্ছেদিত পৰিয়াল ৷
ADVERTISEMENT
উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ উদ্যোগত অৱস্থান ধৰ্মঘটত প্ৰতিবাদী সকলে হাতত প্লেকাৰ্ড লৈ প্রতিটো থলুৱা ভূমিহীন পৰিয়ালক শীঘ্রে পুনর্সংস্থাপন দিয়াৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷
অৱস্থান ধৰ্মঘটতস্থলীত উপস্থিত থাকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়া আৰু সাংগাঠনিক সম্পাদক আকাশ দলে উপস্থিত থাকে ৷






























