Statue of the Doctor:
চহৰ বা মফচল নহয়, অন্ধ্রপ্রদেশৰ শ্ৰীকাকুলাম জিলাৰ এখন অতি প্রত্যন্ত গাঁৱৰ পৰা ওলাই আহিছে ডেৰ শতাধিক চিকিৎসক। মাত্র পাঁচশ পৰিয়ালে বাস কৰে কেনুগুলাভালছা নামৰ সেই ভিতৰুৱা গাঁওখনত। তাত প্রায় ঘৰে ঘৰে আছে কমেও এজনকৈ চিকিৎসক। সেইবাবেই দেশত সম্প্রতি ‘ডাক্তৰৰ গাঁও‘ নামৰে পৰিচিত কেনুগুলাভালছা।
যিসময়ত সমগ্র দেশতে ৰোগীৰ অনুপাতে চিকিৎসকৰ সংখ্যা বহু কম, তেনে অৱস্থাত সেই গাঁওখনৰ ছবিখন কেনেকৈ ভিন্ন হ’ব পাৰিলে? ইয়াৰ উত্তৰ অৱশ্যে লুকাই আছে ইতিহাসত। গাঁওখনৰ পৰিস্থিতি সলনি হয় ৭০ৰ দশকত। ইয়াৰ মূল গুৰি আছিল গাঁওখনৰ প্ৰথম এমবিবিএছ ডিগ্রীধাৰী চিকিৎসক বেণ্ডি চন্দ্ৰ ৰাও।
তেওঁৰ অনুপ্ৰেৰণাতে অন্ধ্রপ্রদেশৰ এই সৰু গাঁওখনত আৰম্ভ হয় এক নীৰৱ বিপ্লৱ। ১৯৮৫ৰ পৰা প্ৰায় প্ৰতি বছৰে এই গাঁৱৰ পৰা দুইৰ পৰা পাঁচ শিক্ষার্থী চিকিৎসক হৈ আহিছে। সম্প্রতি তেওঁলোকে এইমছ, নিমছ, কিং জর্জ হাস্পতালৰ দৰে দেশৰ শ্রেষ্ঠ চিকিৎসা প্রতিষ্ঠানতো বাদেই, বিদেশৰ মাটিতো সুখ্যাতিৰে চিকিৎসা সেৱা আগবঢ়াই আহিছে।
অৱশ্যে সাফল্য পালেও গাঁওখনৰ কোনেও নিজৰ শিপাক পাহৰি যোৱা নাই। বহু চিকিৎসকেই নিয়মিতৰূপে গাঁৱলৈ উভতি আহে। আয়োজন কৰে বিনামূলীয়া চিকিৎসা শিবিৰৰ। গাঁৱৰ মানুহৰ সমান্তৰালকৈ উপকৃত হয় পার্শ্বৱর্তী অঞ্চলৰ বাসিন্দাসকলো।
উল্লেখ্য যে কেনুগুলাভালছা গাঁৱৰ প্ৰৱেশ পথতে আছে এটা মূর্তি। অৱশ্যে সেই মূর্তি কোনো দেৱ -দেৱী বা ৰাজনৈতিক নেতাৰ নহয়। বৰঞ্চ মূৰ্তিটো গাঁৱৰে তৰুণ চিকিৎসক বেণ্ডি সতীশৰ।
সেই চিকিৎসকজনে এক পথ দুর্ঘটনাত অকালতে প্রাণ হেৰুৱাইছিল। গাঁওবাসীয়ে বৰঙনি সংগ্ৰহ কৰি নির্মাণ কৰোৱা সেই মূর্তিটো যেন তেওঁলোকৰ চিকিৎসকসকলৰ প্ৰতি থকা অগাধ শ্রদ্ধা আৰু ভালপোৱাৰ প্রতীক। গাঁৱৰে আন একন চিকিৎসক বোড্ডেপল্লু সতীশে কয়, ‘ডাক্তৰ হোৱাটোৱেই এতিয়া আমাৰ গাঁৱৰ তৰুণ প্ৰজন্মৰ একমাত্র লক্ষ্য হৈ উঠিছে।’
