Prayagraj:✒️ধাৰাবাহিক বৰষুণৰ বাবে উত্তৰ প্ৰদেশৰ ১৭খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো কোনো ঠাইত পুনৰ বিপদসীমাৰ ওপৰেৰে বৈ গৈছে নদী। অৱশ্যে আটাইতকৈ বেয়া পৰিস্থিতি বাৰাণসী আৰু প্ৰয়াগৰাজত।
বাৰাণসীৰ সকলো বিদ্যালয় বুধবাৰলৈ বন্ধ ৰখাৰ নিৰ্দেশ।সোমবাৰে বাৰাণসীৰ বানপানীৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে ৰাজ্যিক মন্ত্ৰী সুৰেশ কুমাৰে।
বাৰাণসীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে জনাইছে যে,তাত যিদৰে উদ্ধাৰৰ অভিযান চলিছে তাক লৈ স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
তেওঁৰ কথাত “এয়া প্ৰাকৃতিক দুৰ্যোগ। প্ৰশাসনক সকলোৱে সহযোগ কৰা উচিত।” সোমবাৰৰ পৰা বাৰাণসীৰ নিম্নভূমি অঞ্চলত গংগাৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। অধিক বৰষুণ হ’লে পৰিস্থিতি আৰু বেয়া হ’ব বুলি আশংকাত ভুগিছে স্থানীয় ৰাইজ।
ধাৰাবাহিক বৰষুণৰ বাবে বাৰাণসী আৰু প্ৰয়াগৰাজত গংগাৰ জলপৃষ্ঠই বিপদৰ সীমা অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে গংগাৰ ঘাটত চোৰাংচোৱাগিৰি অব্যাহত ৰখা হৈছে।
গংগাত ফেৰী সেৱা সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে।বাৰাণসীৰ আলিবাটত প্ৰৱেশ কৰিছে গংগাৰ পানী।ডুব গৈছে নমো ঘাট, আছি ঘাট ।
আৱাসিক এলেকাত পানী প্ৰৱেশ কৰাৰ বাবে নাৱেৰে উদ্ধাৰ কাম অব্যাহত ৰাখিছে।প্ৰশাসনিক সূত্ৰ অনুসৰি গংগাৰ উপৰিও যমুনা, বেতৱাৰ দৰে নদীৰ পানিও বৃদ্ধি পাইছে ।
কোনো কোনো ঠাইত পানীৰ স্তৰে বিপদৰ সীমা অতিক্ৰম কৰিছে। বাৰাণসী আৰু প্ৰয়াগৰাজৰ বাহিৰেও মিৰ্জাপুৰ, গাজীপুৰ, বলিয়া, ঔৰৈয়া, কল্পী, হামিৰপুৰ আৰু বাণ্ডাত নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আতংক বৃদ্ধি পাইছে।
কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিবেদন অনুসৰি সোমবাৰে গংগাৰ জলপৃষ্ঠ আছিল ৭২.০৫ মিটাৰ।প্ৰতি ঘণ্টাত ০.৫ চে.মি. জলস্তৰ বৃদ্ধি পাইছে ।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বানাক্ৰান্ত জিলাসমূহত নিৰীক্ষণ আৰু সাহায্যৰ কাম সম্পন্ন কৰিবলৈ ১১টা দল গঠন কৰিছে।
তেওঁ স্পষ্ট কৰি দিছে যে সাহায্য আৰু উদ্ধাৰৰ কামত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব। জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু মুখ্য স্বাস্থ্য বিষয়া আৰু প্ৰশাসনিক বিষয়াসকলক সকলো সময়তে সজাগ হৈ থাকিবলৈ আৰু সতৰ্কতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
মঙলবাৰেও ৰাজ্যখনৰ কেবাখনো জিলাত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ফলত পৰিস্থিতি আৰু বেয়া হ’ব পাৰে। ইতিমধ্যে বৰষুণ আৰু বান পৰিস্থিতিৰ বাবে ৰাজ্যত ১২ জন লোকৰ মৃত্যু হৈছে।






























