Tamilnadu:✒️প্ৰচণ্ড বৰষুণৰ মাজত বিপৰ্যস্ত তামিলনাডু। ইতিমধ্যে আই এম ডিয়ে তামিলনাডুৰ কেবাটাও অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰিছে। একে সময়তে বতৰ বিজ্ঞান বিভাগে আগন্তুক ৪৮ ঘন্টাত ৰাজ্যত প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।নীলগিৰি আৰু কয়ম্বাটুৰত জাৰি কৰা হৈছে বিশেষ সতৰ্কবাণী।
বৰষুণৰ বাবে এই জিলা দুখনত ভূমিস্খলন হোৱাৰ লগতে ভাঙি পৰিছে একাধিক গছ-গছনি আৰু বিদ্যুতৰ খুঁটা। যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ জনতা।আইএমডিয়ে তামিলনাডুৰ কেবাটাও অঞ্চলত প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে।
ইতিমধ্যে পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, সোমবাৰৰ নিশাৰ পৰা তামিলনাডুৰ বিভিন্ন জিলাত বৰষুণ আৰম্ভ হৈছে।এই সপ্তাহতো বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।
নীলগিৰিত বন্ধ বিদ্যালয়, পৰ্যটন কেন্দ্ৰ।বৰষুণৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে নীলগিৰি জিলা প্ৰশাসনে সোমবাৰ আৰু মঙলবাৰে সকলো বিদ্যালয়তে বন্ধ ঘোষণা কৰিছে।
কেৱল নীলগিৰিতে নহয়, কইম্বাটুৰতো ধাৰাসাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে। তামিলনাডুৰ টেংকাছিৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে, আৰু ১৩খন জিলাত বতৰ বিজ্ঞান বিভাগে উচ্চ সতৰ্কতা জাৰি কৰিছে।
বতৰৰ আগজাননী অনুসৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আগতীয়াকৈ কইম্বাটুৰ আৰু নীলগিৰিলৈ কেইবাটাও উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে।
ইয়াৰ ওপৰিও ইতিমধ্যে নীলগিৰি জিলা প্ৰশাসনে কেবাটাও হেল্পলাইন নম্বৰ ঘোষণা কৰিছে। জৰুৰীকালীন নিয়ন্ত্ৰণ কেন্দ্ৰৰ স’তে টোল ফ্ৰী নম্বৰ ১০৭৭, বা (০৪২৩-২৪৫০০৩৪ আৰু ০৪২৩-২৪৫০০৩৫)ৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব।সকলো হেল্পলাইন নম্বৰ ২৪ ঘণ্টাই চলিব বুলি প্ৰশাসনে ঘোষণা কৰিছে ।






























