✒️বৰষুণৰ অভাৱত সামগ্রিকভাৱে ৰাজ্যৰ কৃষকসকলে এতিয়াও ভালদৰে কৃষিকার্য কৰিব পৰা নাই। জিলাভেদে বৰষুণৰ গুৰুতৰ অভাৱৰ পৰিণতিত দুখীয়া কৃষক সমাজে দৈব্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।
সেইবাবে বিজ্ঞানৰ জয়জয়কাৰ অৱস্থাতো তেওঁলোকে ভেকুলী বিয়া পাতিবলৈ বাধ্য হৈছে। ইফালে, পথাৰত পানী যোগান ধৰিব পৰা নাই চৰম দুর্দশাগ্রস্ত চৰকাৰী জলসিঞ্চন ব্যৱস্থাই। খৰাঙৰ এনে পৰিস্থিতিতে প্রয়োজন হয় কৃষি বীমাৰ।
প্রধানমন্ত্রী ফচল কৃষি বীমা যোজনাৰ অধীনত কৃষি অর্থনীতি নিৰ্ভৰ অধিকাংশ ৰাজ্যৰ কৃষকসকলে তেওঁলোকৰ ধন পাবলৈ সক্ষম হৈছে।
ইয়াৰ বিপৰীতে যোৱা পাঁচটা বিত্তীয় বৰ্ষত অসমৰ কৃষকে এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিখনৰ ২৫.৬১ কোটি টকা পাবলৈ বাকী আছে। ৰাজ্য চৰকাৰে নিজৰ ৰাজসাহায্যৰ অংশ সম্পূর্ণকে আদায় নিদিয়াৰ ফলতে এই বৃহৎ পৰিমাণৰ ধন অনাদায় হৈ ৰৈছে।
২০২০-২১ৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ খাৰিফ শস্যৰ সময়লৈ আঁচনিখনৰ অধীনত অসমৰ কৃষকে পাবলগীয়া ধনৰ পৰিমাণ হ’ল ৫৫৬.১২ কোটি টকা। ইয়াৰে ৫৩১.৫১ কোটি টকা আদায় দিয়া হৈছে।
ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, ২০২০-২১ত ১৬,৫৪,২৯৩ গৰাকী কৃষকে বীমাৰ ধনৰ বাবে আবেদন জনাইছিল। ইয়াৰ ভিতৰত ৩,০৬,৯১৩ গৰাকীয়ে বীমাৰ ধন লাভ কৰে। ২০২১-২২ত আবেদন কৰা কৃষকৰ সংখ্যা আছিল ৯,৭৮,২৩৪ গৰাকী।
তেওঁলোকৰ ভিতৰৰ ২,৯৩,২৬৫ গৰাকীয়ে বীমাৰ ধন লাভ কৰে। একেদৰে ২০২২-২৩ত আবেদনকাৰী কৃষক আছিল ৪,৮৯,৯৮১ গৰাকী আৰু ইয়াৰে ২৬,২৪০ গৰাকীয়ে ধন লাভ কৰে। তেনেদৰে ২০২৩-২৪ত আবেদনকাৰীৰ সংখ্যা আছিল ৭,৯৩,৫০৬ গৰাকী আৰু ধন লাভ কৰে ৯৯,৫৬১ গৰাকীয়ে।
২০২৪-২৫ত আবেদনকাৰী কৃষক আছিল ৭,৬১,৯৫১ গৰাকী আৰু বীমাৰ ধন লাভ কৰে ২০,৮১৭ গৰাকীয়ে। অর্থাৎ ২০২০-২১ৰ পৰা ২০২৪-২৫ৰ খাৰিফ শস্যৰ সময়লৈ বীমাৰ ধনৰ বাবে অসমত আবেদনকাৰী কৃষকৰ সংখ্যা হ’ল ৪৬,৭৭,৯৭৪ গৰাকী।
ইয়াৰে মাত্র ৭,৪৬,৭৮৬ গৰাকীয়েহে আঁচনিখনৰ পৰা এই সময়ছোৱাত উপকৃত হয়। ৩৯,৩১,১৫৮ গৰাকী কৃষকে এতিয়াও বীমাৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই।উল্লেখ্য যে আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ হ’লেও ইয়াক কাৰ্যকৰী কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ।






























