Basistha :
বশিষ্ঠ আৰক্ষীৰ জালত দুটাকৈ কুখ্যাত চিলনী চোৰ ৷ গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে খানাপাৰাত অৰ্তকিতে অভিযান চলাই দুই চিলনী চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰ দুটাৰ নাম বিশাল দাস আৰু কমল ৰয়।
ADVERTISEMENT
ধৃত গভাইত চোৰ দুটাৰ পৰা চাৰিটাকৈ চুৰি ম’বাইল সহ এখন নম্বৰ প্লেট বিহীন দুচকীয়া বাহন । উল্লেখ্য যে,ধৃত চোৰ দুটাই সোমবাৰে বনগাঁৱত প্ৰাতঃভ্ৰমণলৈ যোৱা এগৰাকী মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিছিল সোনৰ চেইন ৷






























