Hojai SC Board Vice- Chairman:
কিছুদিন পূৰ্বে নোটৰ বান্দিলৰ স’তে সামাজিক মাধ্যমত ভাইৰেল হৈছিল এজন লোকৰ ফটো ৷ লোকজন আছিল হোজাইৰ অনুসূচীত জাতি বৰ্ডৰ উপাধ্যক্ষ পিন্টু দাস ।
পিন্টু দাসৰ বিৰুদ্ধে অভিযোগ অলেখ ৷ দাস আৰু তেওঁৰ সহযোগী কেইজনমানৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল এছ চি বৰ্ডৰ বহু সা- সামগ্ৰী ৷ এই সন্দৰ্ভত হোজাইৰ বিজেপি নেতা প্রসেনঞ্জিত দাসে দাখিল কৰিছিল এজাহাৰ ৷ তাৰ পিছৰে পৰা পলাতক আছিল পিন্টু দাস ৷
অৱশেষত হোজাই আৰক্ষীয়ে কলিয়াবৰৰৰ জখলাবন্ধাৰ পৰা আটক কৰে এছচি বৰ্ডৰ সা- সামগ্ৰী হৰলুকি কৰা পিন্টু দাসক i
