PSO Arrested:
পত্নী-সন্তান থকাৰ পাছতো ধৰ্ম আৰু পৰিয়ালৰ তথ্য-গোপন কৰি এগৰাকী যুৱতীক পলুৱাই নিয়াৰ অভিযোগত আজি আটক কৰা হয় মহানগৰীৰ গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ব্যক্তিগত দেহৰক্ষী আব্দুল ৰছিদক।
ADVERTISEMENT
যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে থানাখনত দাখিল কৰা এখন এজাহাৰৰ জৰিয়তে দেহৰক্ষীজনৰ এনে কাণ্ড পোহৰলৈ আহে। তাৰ পাছতে ৰছিদক আৰক্ষীয়ে আটক কৰে। ৰছিদৰ পত্নীৰ লগতে এগৰাকী কন্যা সন্তানো আছে।
ইয়াৰ বিপৰীতে নিজকে অবিবাহিত আৰু ধৰ্মৰ পৰিচয় গোপন কৰি যুৱতী গৰাকীৰ লগত ৰছিদে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ উঠিছে।






























