Tezpur Garwanpatty Fire:
তেজপুৰ পৌৰসভাৰ অন্তৰ্গত গাৰোৱানপট্টিত যোৱা নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ পাৰভেজ আনচাৰীৰ “তেগিয়া মটৰচাইকেল ওৱৰ্কছ” নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত মেৰামতিৰ বাবে ৰখা তিনিখন মটৰ চাইকেলসহ সকলো যন্ত্ৰ ,সা-সামগ্ৰী জ্বলি ভস্মীভূত হয়।
ADVERTISEMENT
বৈদ্যুতিক বিজুতিৰ বাবেই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিতহৈ অগ্নি আৰু আপদকালীন সেৱা, এছ ডি আৰ এফৰ লোক সকলে আৰক্ষী আৰু ৰাইজৰ সহযোগত প্ৰতিষ্ঠানখনৰ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়।






























