Uttarakhand:✒️ডাৱৰ বিস্ফোৰণত বিধ্বস্ত হিমাচল প্ৰদেশ। ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভূমিস্খলন সংঘটিত হৈছে। বিভিন্ন গুৰুত্বপূৰ্ণ পথ বন্ধ কৰি দিয়া হৈছে। বুধবাৰে চিমলা ঘাইপথো ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে।
মঙলবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ধৰালী গাঁৱত সংঘটিত হয় ডাৱৰ বিস্ফোৰণ । ডাৱৰ বিস্ফোৰণৰ বাবে হঠাৎ নামি আহিল আকস্মিক বান। স্থানীয় অঞ্চলটোৰ এক বৃহৎ অঞ্চল পানীয়ে উটুৱাই লৈ যায়।
বুধবাৰে পুৱাৰে পৰা উত্তৰাখণ্ড আৰু হিমাচলত ধাৰাসাৰ বৰষুণ হৈছে। জাৰি কৰা হৈছে ৰেড এলাৰ্ট।
উত্তৰকাশী জিলা দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই জনোৱা মতে, এই পৰ্যন্ত চাৰিজন লোকৰ মৃত্যু হৈছে। কিন্তু আকস্মিক বানত উটুৱাই নিয়া লোকৰ সঠিক সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই। প্ৰশাসনৰ প্ৰচেষ্টা অব্যাহত আছে।
আনহাতে, হিমাচল প্ৰদেশৰ সোলান জিলাত ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত হৈছে। চক্কী জংচনত বন্ধ হৈ আছে ঘাইপথ। বুধবাৰে পুৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে চণ্ডীগড়-চিমলা ৰাষ্ট্ৰীয় ঘাইপথ। ভূমিস্খলনৰ বাবেও বন্ধ হৈ আছে চণ্ডীগড়-মানালী ঘাইপথ।






























