Uttarkashi cloudburst:✒️প্ৰকৃতিৰ ৰোষত পৰা উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ মঙলবাৰে দুপৰীয়াৰ ভয়াৱহ ডাৱৰ বিস্ফোৰণ তথা আকস্মিক বান-ভূস্খলনৰ ফলত কমেও আঠজন ভাৰতীয় সেনাৰ জোৱানো সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিছে।
দুর্যোগস্থলীৰ ওচৰৰ নামনি হৰশীলস্থিত সেনা শিবিৰত এই জোৱানকেইজন নিয়োজিত আছিল। সূত্রই প্ৰকাশ কৰা অনুসৰি, সন্ধানহীন জোৱানকেইজনৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে।
ইপিনে, এই ভয়াৱহ প্রাকৃতিক দুর্যোগে সকলোৰে চকু মেল খোৱাওক বুলি মন্তব্য কৰিছে একাংশ পৰিৱেশ কর্মীয়ে। এই সম্পর্কত হৰজিৎ সিং নামৰ এজন পৰিৱেশ কৰ্মীয়ে কয়, ‘এই কৰুণ ঘটনা এক ভয়াৱহ ককটেইলৰ পৰিণতি। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বর্ষাকালত অতিশয় বৰষুণ হৈছে। এনে অৱস্থাতো আমি পাহাৰ কাটি আছো। অবৈজ্ঞানিক-অবহনক্ষম আৰু অপৰিণামদর্শী নির্মাণ কার্য অব্যাহত ৰাখিছো। তথাকথিত উন্নয়নৰ নামত নদীসমূহৰ পানী বৈ যাব নোৱাৰা কৰি আমি আমাৰ প্ৰাকৃতিক প্ৰতিৰক্ষাক ধ্বংস কৰিছো। আমি নিজৰ দুৰ্যোগ নিজে তৈয়াৰ কৰা নাইনে?’
উল্লেখ্য যে এই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ ফলত অর্ধ-শতাধিক লোক আক্রান্ত হৈছে।






























