Maoist:✒️মূৰৰ মূল্য আছিল ১৫ লাখ টকা! কেবাবছৰ ধৰি তেওঁক বিচাৰি ফুৰিছিল আৰক্ষীয়ে। অৱশেষত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা গুলীচালনাত নিহত হয় ঝাৰখণ্ডৰ মাওবাদী নেতাজন ।
মঙলবাৰে গভীৰ নিশা ঝাৰখণ্ডৰ গুমলা জিলাত সংঘটিত হয় এই ঘটনা। বুধবাৰে পুৱা গুমলা আৰক্ষীয়ে নিশ্চিত কৰে এই কথা।
আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি মঙলবাৰে নিশা প্ৰায় ৯:৩০ বজাত গুমলা জিলাৰ কামদৰা থানাৰ অন্তৰ্গত চাংগাবাদী উপৰতলি অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলাইছিল তালাচী অভিযান ।
হঠাৎ নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত বন্দুকৰ যুঁজ আৰম্ভ হয়। ঘটনাটোত এনকাউণ্টাৰত নিহত হয় মাওবাদী নেতাগৰাকী। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নিহত নেতাজনৰ নাম মাৰ্টিন কেৰকেটা।
মাৰ্টিন আছিল পিএলএফআইৰ এৰিয়া কমাণ্ডাৰ।আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ মূৰৰ মূল্য ১৫ লাখ টকাৰ আছিল। ফলত এই নেতাজনৰ মৃত্যুক বাহিনীসমূহে সফল বুলি অনুমান কৰে।






























