Earthquake:✒️আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোঁহাত ইজৰাইলৰ বিৰুদ্ধে শেহতীয়াভারে যুদ্ধত লিপ্ত হোৱা ইৰানে আকৌ পৰমাণু পৰীক্ষা সম্পন্ন কৰিলে নেকি? দেশখনৰ দক্ষিণাঞ্চলৰ কেৰমান অঞ্চলক মঙলবাৰে এক প্রবল ভূমিকম্পই জোঁকাৰি যোৱাৰ পৰিপ্ৰেক্ষিতত বহুতৰে মনত এই প্রশ্ন উদয় হৈছে।
মার্কিন আৰু জার্মানীৰ ভূকম্পন পর্যবেক্ষণ সংস্থাৰ মতে, এই ভূমিকম্পৰ প্রাবল্য ৰিখটাৰ স্কেলত ৫.৭ ৰো অধিক আছিল। অৱশ্যে ভূমিকম্পটোৰ জোঁকাৰণিৰ ফলত হোৱা ক্ষয়-ক্ষতি সম্পর্কীয় তথ্য পোহৰলৈ অহা নাই।
এই সম্পর্কত ইৰাণ চৰকাৰে কোনো তথ্য প্রকাশ কৰা নাই। উল্লেখ্য যে ভূতাত্ত্বিক কাৰণত ইৰানত সঘনে ভূমিকম্প আহে। তৎসত্ত্বেও সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশখনৰ এক বৃহৎ অংশক জোঁকাৰি যোৱা আজিৰ ভূমিকম্পক লৈ বিভিন্ন চর্চা চলিছে।
একাংশৰ মতে, পৰমাণু পৰীক্ষণৰ ফলত পাৰস্য উপসাগৰীয় দেশখনত এই ভূমিকম্পৰ উৎপত্তি ঘটে। জার্মান ভূমিকম্পৰ
জৰীপ কেন্দ্ৰৰ মতে, মঙলবাৰে এই ভূমিকম্পৰ উৎপত্তি স্থল ভূপৃষ্ঠৰ প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত আছিল। তাৰ পূৰ্বে যোৱা জুনতো একেটা অঞ্চলত এটা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়।
উল্লেখ্য যে কেৰমান অঞ্চলৰ বাম চহৰৰ প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ দক্ষিণত ইৰানৰ সশস্ত্র বাহিনী ৰিভল্যুচনাৰী গার্ড ফ’ৰ্চৰ এটা শিবিৰ আছে। অঞ্চলটো জনশূন্য। একাংশই সন্দেহ কৰা অনুসৰি, ৰিভল্যুচনাৰী গার্ড ফ’ৰ্চৰ এই শিবিৰ ক্ষেপণাস্ত্র মজুত কেন্দ্ৰ ৰূপেও ব্যৱহৃত হয়।
যোৱা জুনত অহা ভূমিকম্পৰ উৎপত্তি বাহিনীটোৰ এই শিবিৰ আৰু দেশখনৰ মহাকাশ কেন্দ্ৰৰ ওচৰত হৈছিল। বিশেষজ্ঞসকলৰ মতে, মাটিৰ তলত পৰমাণু পৰীক্ষা কৰা হয়। এই পৰীক্ষণৰ সময়ত বিস্ফোৰণ ঘটে।
ফলত বিস্ফোৰণস্থলীত ভূকম্পন শক্তি নির্গত হয়। গতিকে পৰমাণু শক্তি পৰীক্ষণে ভূমিকম্পৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে বাতৰি লিখা পর্যন্ত এই ভূমিকম্পৰ আঁত ধৰি ইৰানৰ বিৰুদ্ধে কোনো দেশ বা আন্তঃগাঁথনি সংগঠনে পৰীক্ষণ সম্পন্ন কৰাৰ অভিযোগ উত্থাপন কৰা নাই।
উল্লেখ্য যে যোৱা ১৩ জুনত ইৰানৰ বিভিন্ন পৰমাণু কেন্দ্ৰ আৰু সামৰিক ঘাটিত ইজৰাইলে বিমানৰে বোমাবর্ষণ কৰে। তদুপৰি যোৱা ২২ জুনৰ পুৱা ইৰানৰ তিনিটা পৰমাণু কেন্দ্ৰত মার্কিন বাহিনীয়েও বি২ যুদ্ধ বিমানেৰে বোমাবর্ষণ কৰে।
আনহাতে, ভূতাত্ত্বিকসকলৰ মতে ইৰান, আৰব আৰু ইউৰেছিয়া শৈলমণ্ডলীয় ফলকৰ সংযোগস্থলীত অৱস্থিত। ফলত দেশখনত বছৰি গড়ে ২,১০০ টা জোঁকাৰণি অনুভূতি হয়। ইয়াৰে ১৫ টাৰ পৰা ১৬ টা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত পাঁচ বা ততোধিক হয়।
এনেদৰে ১৯৯৬ৰ পৰা ২০১৫লৈ দেশখনত ৯৬ হেজাৰ ভূমিকম্পৰ কম্পন অনুভূত হয়।






























