cloudburst:✒️ডাৱৰ বিস্ফোৰণৰ পাছত আকস্মিক বান।পানীৰ সোঁতত ধ্বংস হৈছে উত্তৰকাশীৰ ধৰালী।এফালৰ পৰা উটুৱাই লৈ গৈছে ঘৰ, গাড়ী, হোটেল। উটুৱাই লৈ গৈছে মানুহো।
আজি দুপৰীয়ালৈকে উদ্ধাৰ হৈছে পাঁচটা মৃতদেহ। অৱশ্যে এতিয়াও সন্ধানহীন হৈ আছে এশৰো অধিক লোক। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।
বুধবাৰেও উত্তৰাখণ্ডৰ বতৰৰ বিশেষ পৰিৱৰ্তন হোৱা নাছিল। অব্যাহত আছে বৰষুণ । প্ৰচণ্ড বৰষুণৰ মাজতো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্য আৰু ৰাষ্ট্ৰীয় সঁহাৰি বাহিনীয়ে।
তেওঁলোকৰ স’তে আছে ভাৰতীয় সেনা আৰু ভাৰত-তিব্বতী সীমান্ত বাহিনী।অব্যাহত আছে উদ্ধাৰ অভিযান। উদ্ধাৰকাৰী দলটোৰ এজন বিষয়াই জনোৱা মতে, বুধবাৰে দুপৰীয়ালৈকে প্ৰায় ১৫০ জন লোকক উদ্ধাৰ কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা ২৪ ঘন্টাত হৰিদ্বাৰ, নৈনিতাল আৰু উধম সিং নগৰ জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ৰাজ্যৰ আন আন জিলাতো কম বেছি পৰিমাণে বৰষুণ হ’ব৷
কোনো কোনো ঠাইত জাৰি কৰা হৈছে ৰেড এলাৰ্ট , আন কোনো ঠাইত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ।ধাৰাবাহিক বৰষুণৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে। সমস্যাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰীৰ দল।
মঙলবাৰে হোৱা ডাৱৰ বিস্ফোৰণৰ পাছত হঠাতে পৰিস্থিতি ভয়ানক হৈ পৰে ।উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে পৰিস্থিতি পুনৰীক্ষণৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে।
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধামীৰ স’তে ফোনযোগে ৰাজ্যৰ পৰিস্থিতি, উদ্ধাৰ অভিযান আৰু বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ কেবাজনো সাংসদৰ স’তেও বৈঠকত মিলিত হয়। তেওঁলোকৰ পৰা পৰিস্থিতিৰ বিষয়েও সোধা-পোছা কৰে ।
ধাৰাবাহিক বৰষুণৰ বাবে উত্তৰাখণ্ডৰ বিভিন্ন ঠাইত ভূমিস্খলন সংঘটিত হৈছে। বিভিন্ন দিশত পথ অৱৰোধ হয় ।ভূমিস্খলনৰ ফলত ৰাজ্যৰ মুঠ ১৬৩টা পথ, য’ত সাতটা ৰাজ্যিক ঘাইপথ, পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ, আৰু দুটা সীমান্ত পথকে ধৰি মুঠ ১৬৩টা পথ বন্ধ হৈ পৰিছে।






























