Oxygen Plant:✒️আজি পুৱা পঞ্জাৱৰ মোহলীত এক বৃহৎ বিস্ফোৰণত কঁপিল এটা অক্সিজেন প্লাণ্ট। আজি পুৱা মোহালীৰ নৱম পৰ্যায়ৰ এটা উদ্যোগিক এলেকাত সংঘটিত হয় এই ঘটনা। এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই।
এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে দুটা মৃতদেহ উদ্ধাৰ হৈছে । ইফালে ঘটনাটোত বহুতো লোক আহত হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে ।
মোহলী আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে পুৱা মোহলী চহৰৰ নৱম পৰ্যায়ৰ অক্সিজেন চিলিণ্ডাৰ প্লাণ্টত বিস্ফোৰণ সংঘটিত হয়।
এক প্ৰচণ্ড শব্দত কঁপি উঠে সমগ্ৰ অঞ্চল । লগে লগে অঞ্চলটোত ক’লা ধোঁৱাই আৱৰি পেলাই। তথ্য পোৱাৰ লগে লগে মহলীয়া দণ্ডাধীশ, মোহালী আৰক্ষীৰ লগতে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই পৰিস্থিতিৰ বুজ লয়। ঘটনাস্থলিত জৰুৰী চিকিৎসাৰ দলো উপস্থিত হয়।
আহতসকলক দ্ৰুততাৰে উদ্ধাৰ কৰি মোহলীৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি তাত চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত দুজন লোকৰ মৃত্যু হৈছে।






























