ৰশ্মিকাই ভৰিৰ যত্ন ল’বলৈ ব্যৱহাৰ কৰে নিমখীয়া পানী

images 15 3

Skin care:✒️অভিনেত্ৰী ৰশ্মিকা মণ্ডন্না এগৰাকী ‘ৰাষ্ট্ৰীয় ক্রাছ’। তেওঁৰ অভিনয়ক লৈ কাৰো কোনো সন্দেহ নাই। অনুৰাগীসকল তেওঁৰ সৌন্দৰ্যত মুগ্ধ। হেজাৰটা ব্যস্ততাৰ মাজতো নায়িকাগৰাকীয়ে নিজৰ যত্ন ল’বলৈ নাপাহৰে।

ৰশ্মিকাই নিজৰ ছালৰ যত্ন ল’বলৈ খাদ্য-পানীয়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ে। তেওঁ তেলীয়া আৰু টেঙা খাদ্য একেবাৰেই নাখায়। ছালখন সুস্থ কৰি ৰাখিবলৈ তেওঁ ভিটামিন চি ছিৰাম, মইশ্বৰাইজাৰ, ছানস্ক্রীণ আদি প্রয়োগ কৰে।

ভৰিৰ যত্ন লোৱাৰ ক্ষেত্ৰতো নায়িকাগৰাকী যথেষ্ট নিখুঁত। কিন্তু নায়িকাগকাৰীয়ে ইয়াৰ বাবে পেডিকিউৰত গুৰুত্ব নিদিয়ে। বৰঞ্চ তেওঁ কেৱল এপচম নিমখ বা সৈন্ধব নিমখহে ব্যৱহাৰ কৰে।

এক সাক্ষাৎকাৰত ৰশ্মিকাই নিজেই কয় যে তেওঁ ব্যস্ত কামৰ সময়ত ভৰিৰ যত্ন ল’বলৈ সৈন্ধৱ নিমখ ব্যৱহাৰ কৰে। ই তেওঁৰ ভৰি দুখন কোমল আৰু ধুনীয়া কৰি ৰাখে।

নায়িকাগৰাকীয়ে ভাবে যে সৈন্ধৱ নিমখ মানসিক চাপ কমাবলৈ আৰু ভৰিৰ পৰা সকাহ পোৱাত অতি ফলপ্রসূ। ৰশ্মিকাই গৰম পানীত সৈন্ধব নিমখ মিহলাই তাত ভৰি দুখন কিছু সময় ডুবাই দিয়ে।

এই সৰু কৌশলটোৱে অভিনেত্ৰীগৰাকীৰ ভৰি দুখন একেবাৰে ধুনীয়া কৰি ৰাখিছে। বজাৰত সৈন্ধৱ নিমখ ৫০ৰ পৰা ১০০ টকাৰ ভিতৰত পোৱা যায়।

দিনটোৰ শেষত ভৰি দুখন সৈন্ধৱ নিমখত ২০-৩০ মিনিট তিয়াই দিলে সকাহ পোৱা যায়। মানসিক চাপ কমি যায়। এই কৌশলটো বাৰিষাৰ সময়ত আপোনাৰ ভৰিৰ বাবে আৰু অধিক উপকাৰী।

ই আপোনাৰ ভৰি দুখন ভেঁকুৰৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। আকৌ ভৰিৰ বোকা পানীৰ পৰা ভেঁকুৰৰ সংক্ৰমণ হ’লে ভৰিৰ ঘা আৰু সংক্ৰমণ আঁতৰোৱাতো এপচম নিমখ সহায়ক।

ইয়াৰ উপৰি ভৰি দুখন এক্সফোলিয়েট কৰাটো গুৰুত্বপর্ণ। এপচম নিমখে আপোনাৰ ভৰিত জমা হোৱা মৃত কোষৰ তৰপটো পৰিষ্কাৰ কৰে। ভৰিৰ কিবা বিষ বা অস্বস্তি থাকিলেও এপচম নিমখে ইয়াক কমাব পাৰে। গতিকে ৰশ্মিকাৰ দৰে আপুনিও সৈন্ধৱ নিমখৰ সহায় ল’ব পাৰে।

Exit mobile version