Cloudburst:✒️মঙলবাৰে উত্তৰকাশীত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰলয় ৰূপ ধাৰণ কৰিছে পাহাৰীয়া নদী ক্ষীৰগংগাই। আকস্মিক বানত জাহ গ’ল ধৰালী নামৰ এখন গাঁও।
ওচৰৰ হৰ্শিল সেনা শিবিৰৰ পৰাও সন্ধানহীন হৈ পৰে এঘাৰজন সেনা জোৱান। বুধবাৰে একে ধৰণৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হয় হিমাচল প্ৰদেশৰ কিন্নাউৰত ।
প্ৰচণ্ড বৰষুণৰ ফলত আকস্মিক বানত উটি যায় দুখন অস্থায়ী দলং । আৱদ্ধ হৈ পৰে বহু পৰ্যটক। খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সদস্য।জিপলাইনেৰে উদ্ধাৰ কৰিলে ৪১৩জন পৰ্যটকক।তথ্য অনুসৰি আটাইকেইজনেই তীৰ্থযাত্ৰী ।
কিন্নাউৰত আকস্মিক বানৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনৰ নিৰ্দেশত ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
ইফালে, বুধবাৰে উত্তৰকাশীৰ বিধ্বস্ত ধাৰলী গাঁৱৰ পৰা ১৩০ জন পৰ্যটকক উদ্ধাৰ কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জনোৱা অনুসৰি,তেওঁলোকক খাদ্য আৰু চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে।
কালিৰ দুৰ্যোগৰ পিছত একাধিক ভিডিঅ’ ফুটেজত ঘৰ, হোমষ্টে, দোকান বানপানীয়ে উটুৱাই লৈ যোৱা দেখা গৈছে। ধৰালীৰ প্ৰায় আধা গাঁও পানীৰ তলত। উদ্ধাৰকাৰীয়ে আশংকা কৰিছে যে এতিয়াও বহু লোক আবদ্ধ হৈ আছে। বন্ধ হৈ পৰিছে বহু গুৰুত্বপূৰ্ণ পথ ।
আনকি হেলিকপ্টাৰো অৱতৰণ কৰিব পৰা নাই। যুদ্ধকালীন তৎপৰতাত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে যদিও অবিৰত বৰষুণৰ ফলত বাধাৰ সৃষ্টি হৈছে। ইফালে হৰিদ্বাৰ, নৈনিতাল আৰু উধম সিং নগৰত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। আন অঞ্চলতো কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিছে ডেৰাডুনৰ স্কুল-কলেজ। ইয়াৰ উপৰিও নৈনিতাল, তেহৰী, চামোলী, ৰুদ্ৰপ্ৰয়াগ, আলমোৰা বা বাগেশ্বৰ জিলাসমূহ কাৰ্যতঃ বন্ধ হৈ পৰে। সমগ্ৰ উত্তৰাখণ্ডত কমেও ১৬৩টা পথ বন্ধ। ইয়াৰ ভিতৰত আছে পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ আৰু সাতটা ৰাজ্যিক ঘাইপথ।
ৰাজধানী ডেৰাডুনৰ পৰা ১৪০ কিলোমিটাৰ দূৰত্বত থকা দুটা সীমান্ত পথ বন্ধ হৈ পৰাত দুৰ্গম অঞ্চলটোত উদ্ধাৰ অভিযানত আৰু অধিক বাধাৰ সৃষ্টি হৈছে।
এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফে মৃতদেহ বিচাৰিবলৈ বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ মোতায়েন কৰিছে।
উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা ৩৫ জনীয়া তিনিটা উদ্ধাৰকাৰী দল ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে। শীঘ্ৰে উদ্ধাৰৰ বাবে আৰু দুটা দল প্ৰেৰণ কৰা হ’ব। বিপদৰ সীমা অতিক্ৰম কৰিছে ৰুদ্ৰপ্ৰয়াগৰ অলকনন্দ নদীৰ জলপৃষ্ঠ। যাৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে কেদাৰনাথ তীৰ্থযাত্ৰা।






























