Donald Trump:ইৰাণ-ইজৰাইলৰ পাছত এইবাৰ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ উঠি পৰি লাগিছে ড’নাল্ড ট্ৰাম্প। বুধবাৰে মাৰ্কিন এইবাৰ তেওঁ ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰিবলৈ ওলাইছে। বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে জনাই,অতি শীঘ্ৰেই তেওঁ পুটিনক সাক্ষাৎ কৰিব।
সূত্ৰসমূহে জনোৱা মতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ স’তেও আলোচনা কৰিব পাৰে ট্ৰাম্পে ।
তিনি বছৰতকৈ অধিক সময় ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ বাৰে বাৰে আগ্ৰহ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
তেওঁ বাৰে বাৰে কৈ আহিছে ,যদি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি থাকিলেহেঁতেন তেন্তে এই যুদ্ধ নহ’লহেঁতেন। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ উভতি অহাৰ পাছতে তেওঁ পুটিন আৰু জেলেনস্কি দুয়োকে বাৰে বাৰে সমালোচনা কৰি আহিছে।
এইবাৰ হয়তো ট্ৰাম্পে তেওঁলোকৰ স’তে বহি যুদ্ধ বন্ধ কৰাৰ বাবে আলোচনা কৰিব।এইবাৰ হয়তো ট্ৰাম্পে তেওঁলোকৰ স’তে বহি যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে আলোচনা কৰিব।
সাংবাদিকৰ স’তে হোৱা কথা-বতৰাত তেওঁ কয়,” আমাৰ অতি সোনকালে এখন বৈঠক হ’ব পাৰে, তাৰ সম্ভাৱনা অতি বেছি।”দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত পুটিনৰ স’তে ট্ৰাম্পৰ এইখন প্ৰথম সাক্ষাৎ হ’ব।
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি পুটিনে ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰদূত ষ্টিভ উইটকফৰ স’তে সাক্ষাৎ কৰিছে। অনুমান তাতেই সিদ্ধান্ত হৈছিল যে এইবাৰ পুটিন-ট্ৰাম্পৰ বৈঠক হ’ব। যুদ্ধ বন্ধ কৰাৰ সন্দৰ্ভত আলোচনা হ’ব।
সেই বৈঠকৰ পাছত জেলেনস্কিৰ স’তে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব। অৱশ্যে পুটিনৰ স’তে বৈঠকৰ সম্ভাৱনা থকাৰ পাছতো ট্ৰাম্পে উল্লেখ কৰিছে যে ৰাছিয়াই যুদ্ধবিৰতি আৰু শান্তি পুনৰুদ্ধাৰৰ দিশত ইতিবাচক পদক্ষেপ নোলোৱাত আমেৰিকাই পুনৰ মস্কোৰ ওপৰত বৃহৎ নিষেধাজ্ঞা আৰোপ কৰিব।
প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিন লেভিটে কৈছিল যে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰতিমাহে গড়ে এখন যুদ্ধ বন্ধ কৰিছে।
সেই তালিকাত থাইলেণ্ড-কম্বোডিয়া যুদ্ধ, ইৰাণ-ইজৰাইল যুদ্ধ, ৰুৱাণ্ডা-কংগো যুদ্ধ, ছাৰ্বিয়া-ক’ছ’ভ’ যুদ্ধ, ইজিপ্ত-ইথিওপিয়া যুদ্ধ আদি অন্তৰ্ভুক্ত আছে।
ভাৰত-পাকিস্তানৰ সংঘাতও বন্ধ কৰি দিছে ট্ৰাম্পে বুলি পুনৰ দাবী কৰে কেৰ’লিনে। এইবাৰ ট্ৰাম্পৰ লক্ষ্য হৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰা।কেৰ’লিনৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিব লাগে।






























