সকলোৱে বহুত দিন জীয়াই থাকিব বিচাৰে। কিন্তু সেই জীয়াই থকাটো যদি সুন্দৰ আৰু স্বাস্থ্যকৰ হয়, তেন্তে ইয়াতকৈ ভাল একো হ’ব নোৱাৰে। এতিয়া বহস্যটো ওলাই পৰিছে।
দীর্ঘ বছৰৰ বাবে জীয়াই থকাৰ বাটত বিভিন্ন বাধাৰ সৃষ্টি হয়। সেইবাবেই মানুহ দীর্ঘ বছৰ জীয়াই থাকিব নোৱাৰে। কিন্তু শাৰীৰিকভাবে সুস্থ নহ’লে এশ বছৰ বা তাতোকৈ অধিক বয়সলৈকে জীয়াই থাকিব নোৱাৰিব।
মাৰিয়া ম’ৰিয়া নামৰ এগৰাকী আমেৰিকান মহিলাই ১১৭ বছৰ বয়সলৈকে জীয়াই আছিল। কিন্তু ইমান বছৰ কেনেকৈ জীয়াই থাকিল? এই গোপন কথাটো তেওঁ নিজেই সকলোৰে মাজলৈ লৈ আহিছিল।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১১৭ বছৰ ১৬৮ দিন। মাৰিয়াই নিজেই কৈছিল যে কাৰো যত্ন নোলোৱাকৈ নিজকে ভাল পাব লাগিব। তেতিয়াহে আপুনি বছৰৰ পাছত বছৰ অতি সহজে জীয়াই থাকিব পাৰিব।
মাৰিয়াৰ মতে, ৫০ বছৰ বয়সৰ পাছত খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখিব লাগিব। সকলো সম্পৰ্কৰ বান্ধোনৰ পৰাও নিজকে মুক্ত কৰিব লাগিব। তেওঁ কৈছিল যে পৃথিৱীত জন্ম লোৱা প্রতিজনেই এদিন মৃত্যুবৰণ কৰিব।
কিন্তু মৃত্যুৰ প্ৰতি দুখ লাগিলেই যথেষ্ট নহয়। যদি আপুনি কোনো বাহিৰৰ মানুহৰ মৃত্যুত শোক নকৰে, তেন্তে নিজৰ স্বামী, পুত্র বা কন্যাৰ মৃত্যুৰ বাবে কিয় শোক কৰিব? তেনেকৈয়ে নিজকে প্রস্তুত কৰিব পাৰিলে বহু বছৰ জীয়াই থাকিব পাৰিব।
জীৱনৰ বছৰবোৰত মাৰিয়াই তেওঁৰ চকুৰ সন্মুখতে বহু লোকৰ মৃত্যু হোৱা দেখিছিল। চকুৰ সন্মুখতে স্বামী আৰু পুত্ৰৰ মৃত্যু হোৱা দেখিলে। ঘৰত পুনৰ নতুন সন্তানৰ জন্ম দেখিলে।
কিন্তু এই সকলোবোৰ কথা তেওঁ অন্তৰৰ পৰা জয় কৰিলে। হয়তো সেইবাবেই তেওঁ ইমান বছৰ জীয়াই থাকিল। মাৰিয়াই লগতে কয় যে যদি আপুনি মানসিকভারে সুখী হ’ব পাৰে তেন্তে ইয়াৰ ফলত আপোনাৰ শৰীৰত বিপুল প্ৰভাৱ পৰাটো নিশ্চিত।
ফলত এশ বছৰৰ ওপৰত জীয়াই থকাটো অতি সাধাৰণ কথা। দীর্ঘ জীৱন লাভৰ বাবে মানসিক শান্তি সবাতোকৈ জৰুৰী বুলি মাৰিয়াই মত প্রকাশ কৰিছিল।
টেনছন আৰু অশান্তিৰ মাজত থাকিলে মানুহৰ নানা ধৰণৰ ৰোগ হ’ব পাৰে, স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে আৰু ই দীর্ঘ জীৱন-যাপনত বাধা দিয়ে।






























