BTC Election:বিটিচি নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১৩ আগষ্টত
ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা বিটিচি নিৰ্বাচনৰ পূবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ১৩ আগষ্টত ৷ ইতিমধ্যেই প্ৰকাশ পাইছে খচৰা ভোটাৰ তালিকা । খচৰা ভোটাৰ তালিকাত অন্তভুৰ্ক্ত আছে প্ৰায় ২৬ লাখ ৬৯ হাজাৰ ৩৯৬ গৰাকী ভোটাৰৰ নাম ৷ এই ভোটাৰ তালিকাৰ মুঠ পুৰুষ ভোটাৰৰৰ সংখ্যা ১৩ লাখ ২৯ হাজাৰ ৭৪২ জনৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১৩ লাখ ৩৯ হাজাৰ ৬৩৭ গৰাকী ৷আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৭ গৰাকী ৷
উল্লেখ্য যে,বিটিচিত এইবাৰ নতুনকৈ অন্তভুৰ্ক্ত হৈছে ৮১ খন গাঁও ৷ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি চলাইছে ৰাজ্যিক নিৰ্বাচন আয়োগে ৷






























