Nagaon Incident:
মিঞা কেন্দ্ৰীক বিষয়ক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে শুকুৰবাৰে নগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হয় এক ঘটনা ৷ মটৰচাইকেলৰ হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি এজন খিলঞ্জীয়া যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে এজন সন্দেহজনক যুৱকে। ইয়াকে কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে নগাঁও চহৰত।
আৰনিছ ৰহমান নামৰ যুৱকজনে তনদ্বীপ কাকতি নামৰ হয়বৰগাঁৱৰ শান্তিপুৰৰ যুৱকজনক প্ৰহাৰ কৰাৰ দৃশ্যও ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মেডিয়াত ৷ মটক চাইকেলৰ ওপৰত বহি থকা তনদ্বীপক হেলমেটৰে মুৰত উপযুপৰি প্ৰহাৰ আৰনিছ ৰহমানৰ ৷
আনহাতে এই ঘটনাৰ পিছতে নগাওঁ আৰক্ষীয়ে আৰনিছ ৰহমানক নিশাই আটক কৰাৰ পিছত ভাৰতীয় ন্যায় সংহিতাৰ ১২৬ (২), ১১৮(২) আৰু ২৯৮ পিএনএস ধাৰাৰ অধীনত শনিবাৰে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
আনহাতে ঘটনা সন্দৰ্ভত ভুক্তভোগী তনদ্বীপ কাকতিয়ে আজি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে,তেওঁৰ আজি জন্মদিন হোৱা হেতুকে শুকুৰবাৰে নিশা ঢাকাইপট্টিত দুইএপদ সা- সামগ্ৰী ক্ৰয় কৰি হয়বৰগাঁও দিশে আহি থকা পথত ঢাকাইপট্টিৰ ৰয়েল অৰ্কেড চাৰিআলিৰ ওচৰত আৰনিছ ৰহমান নামৰ মানুহজন পথৰ মাজত ৰৈ আছিল ৷যাৰবাবে মই হৰ্ণ মাৰিলো ৷ মানুহজন পথৰ মাজৰ পৰা আঁতৰি নিদিয়াত পুনৰ হৰ্ণ মৰাত তেওঁ তই কোন বুলি মোক গালিশপনি পাৰি বাইকৰ হেণ্ডেলত ধৰি পথৰ এটা কোণালৈ নি মোক হেলমেটেৰে মোৰ মূৰত উপৰ্যপুৰি প্ৰহাৰ কৰে ৷ অৱশ্যে স্থানীয়লোকৰ তৎপৰতাৰ আৰু বেছি আঘাত পোৱাৰ পৰা মই ৰক্ষা পৰো ৷
ইপিনে নিশাই তনদ্বীপে সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত সদৰ আৰক্ষীয়ে আৰনিছ ৰহমান নামৰ উদণ্ড যুৱক জনক আটক কৰে ৷ অৱশ্যে বহু জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে আনিছুৰক ৷ গ্ৰেপ্তাৰৰ খবৰ লাভ কৰি শনিবাৰে তনদ্বীপ আৰু তেওঁৰ পিতৃ- মাতৃ সদৰ থানাত উপস্থিত হয় ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰে তনদ্বীপ আৰু তেওঁৰ পৰিয়ালে ৷






























