Rantu Pani Phukan:
শংখল চলিহাক ৮ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ এমাহৰ বাবে সাময়িক বিশ্ৰাম দি সাংগাঠনিক কাৰ্যসূচীৰ পৰা আঁতৰি থকাৰ নিৰ্দেশনা দিছিল বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনে ৷
এই পত্ৰখনৰ অচিলা লৈ শনিবাৰে এক সংবাদমেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৈছিল যে,শংখল চলিহাক বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই সাময়িকভাবে অব্যাহতি দিলে ৷ এইয়া তেওঁ মুখ্য সচিব ৰন্টু পানীফুকনে দিয়া পত্ৰখনৰ পিছতেলোৱা আদৰণিয় পদক্ষেপ ৷ আত্মসন্মান থাকিলে শৃংখল চলিহাই বীৰ লাচিত সেনা নিজেই এৰি দিব লাগে।
আনহাতে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ এখন চিঠিৰ আলম লৈ অখিল গগৈয়ে শৃংখল চলিহাৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যক লৈ অখিল গগৈৰ বিৰুদ্ধে গৰজি উঠে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনে ৷
সামাজিক মাধ্যমক এই সন্দৰ্ভত অখিল গগৈক উদ্দেশী পানীফুকনে উল্লেখ কৰে যে তৰল সস্তীয়া নিকৃষ্ট কথাবাৰ্তাৰ প্ৰতিক্ৰিয়া দি থকাটো মোৰ কাম নহয় বুলি মই দৃঢ় বিশ্বাসী । নিজকে সকলোতকৈ সৎ বুলি জাহিৰ কৰি থকা ব্যক্তিয়ে আন সংগঠনৰ আভ্যন্তৰীণ বিষয়ত মতামত প্ৰদান কৰি থকাটো তিলমানো ভদ্ৰতাৰ পৰিচায়ক হব নোৱাৰে । মূল্যবোধ সম্পন্ন এজন সন্মানীয় বিধায়কৰ কথা বতৰা ভাৱ ভংগী ৰুচিসন্মত আৰু শালীনতাপূৰ্ণ হোৱা উচিত । একান্তই নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিভাজনৰ নিকৃষ্ট ৰাজনীতি অৱলম্বন কৰি উচতনীসূচক মন্তব্যৰে উদ্দেশ্য প্ৰণোদিত ভাৱে কাৰোবাক অস্থিৰ কৰিবলৈ বিচৰা প্ৰচেষ্টা গ্ৰহণীয় নহয়েই অতি নিন্দনীয় । সততে মানুহক সততাৰ পাঠ আওৰাবলৈ নীতি শিক্ষা দিয়া পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৎ, জ্ঞানী পুৰুষ গৰাকীৰ শেহতীয়া আচৰণ আৰু কাৰ্যকলাপ তেখেতৰ কথা আৰু কামৰ মাজত যেন এক চৰম বাতুলামী ।
বীৰ লাচিত সেনা, অসমৰ পৰিয়ালৰ মাজত আপোনাৰ পূৰ্বেও বহু ছদ্মবেশীয়ে বিভাজনৰ বীজ ৰোপন কৰিবলৈ কুটিল ষড়যন্ত্ৰ ৰচিছিল । কিন্তু সফল নহল কিয়নো এই পৰিয়ালটোৰ ভেটি বিশ্বাস আৰু সমৰ্পিত মনোভাৱৰ ওপৰত প্ৰতিষ্ঠিত । এজন আনজনৰ আত্মিক সম্পৰ্কৰ চাদৰৰ তলত আমি মানুহৰ মুক্তিৰ জয়গান গাবলৈ শিকিছোঁ । বীৰ লাচিত সেনা, অসমৰ সৈনিক সকলৰ মনোবল ইমান দুৰ্বল আৰু ঠুনুকা নহয় যে আপোনাৰ দুটামান বেবেৰিবাং কথাত বিচলিত হব । কাৰোবাৰ শ্ৰুতলিপিত নহয় আমি কি কৰিব লাগে সেয়া বীৰ লাচিত সেনা, অসমে নিৰ্ণয় কৰিব । আপোনি মিছাতে আমাক লৈ মূৰ ঘমাব নেলাগে নিজা যোগ্যতাৰ ভিত্তিত বিধায়ক হওক । আমিওঁ ৰাইজৰ অভিভাৱকত্বত খিলঞ্জীয়া মানুহৰ বাবে সংগ্ৰামৰ ধাৰা আগবঢ়াই নিম ।
মুখ চুপতি মাৰি থকা সময়ৰ লগতে চাৰিত্ৰিক বৈশিষ্ট্য আমাৰ নহয় । গতিকে আমি কৰ্মত বিশ্বাসী সময়ে কব সুবিধাবাদৰ বোকোচাত থিতাপি লৈ কোনে চল চাই কঠিয়া পাৰে । বীৰ লাচিত সেনা, অসমক বিভাজন কৰিবলৈ বিচৰা প্ৰত্যেকটো ষড়যন্ত্ৰই ব্যৰ্থ হʼব কিয়নো আমি অটল-অদম্য-অজেয়ৰ মহামন্ত্ৰৰে দিক্ষিত আৰু লালিত পালিত । জয় আই অসম ।






























