Himachal Pradesh:✒️আগন্তুক চাৰিদিনলৈ হিমাচল প্ৰদেশত প্ৰবলৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ অব্যাহত থাকিব এই দুৰ্যোগ।
এই সময়ছোৱাত ভূমিস্খলন প্ৰৱণ অঞ্চল পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। যোৱা জুন মাহৰ পৰা ৰাজ্যত এই ঋতুত ২১৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২০০০ কোটি টকাৰ সম্পত্তিৰ ক্ষতিৰ হৈছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ কেবাখনো জিলাত ধাৰাসাৰ বৰষুণ আৰম্ভ হ’ব৷
বৰষুণ আৰু ভূমিস্খলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ ৩০৫কে ধৰি ৩৬০টা পথ বন্ধ কৰি দিয়া হৈছে। আটাইতকৈ ভয়াৱহ পৰিস্থিতি মাণ্ডী জিলাত।
এই জিলাৰ ২১৪ টা পথ সম্পূৰ্ণৰূপে বন্ধ। আনহাতে কুল্লুত বন্ধ হৈ আছে ৯২টা পথ।
ধাৰাবাহিক বৰষুণ আৰু বানপানীৰ বাবে বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, হিমাচল প্ৰদেশত বিগত এক জুনৰ পৰা ১০ আগষ্টলৈ ৫০৭ মিলিমিটাৰ বৰষুণ হৈছিল, যিটো স্বাভাৱিকতকৈ ১১ শতাংশ বেছি।
স্থানীয় প্ৰশাসনৰ সূত্ৰৰ মতে, বাৰিষাত এতিয়ালৈকে ৰাজ্যখন ৫৮টা আকস্মিক বানপানী, ৩০টা ডাৱৰ বিস্ফোৰণ, আৰু ৫৩টা বৃহৎ ভূমিস্খলনৰ কৱলত পৰিছে ।






























