Operation Akhal:✒️জম্মু-কাশ্মীৰৰ কিস্তৱাৰত সন্ত্ৰাসবাদীৰ অভিযান আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে। শেহতীয়া তথ্য অনুসৰি ডাল অঞ্চলত এতিয়াও চলি আছে সংঘৰ্ষ।
সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পছৰ এক্স একাউণ্টত জনাইছে, বিশেষ সূত্ৰৰ পৰা তথ্য লাভ কৰি দেওবাৰে পুৱা কিস্তৱাৰত সেনাই অনুসন্ধান অভিযান আৰম্ভ কৰে। সেই মুহূৰ্তত বাহিনীৰ ওপৰত গুলীচালনা কৰা হয়। জোৱানসকলেও প্ৰত্যুত্তৰত গুলীচালনা কৰে।
কাশ্মীৰৰ কুলগাঁও জিলাৰ আখাল বনাঞ্চলত নিৰাপত্তাবাহিনীয়ে বিগত এক আগষ্টৰ পৰা সন্ত্ৰাসবাদী অভিযান চলাই আহিছে। এই অপাৰেচনৰ নাম ‘অপাৰেচন আখাল’।
শনিবাৰে এই অভিযানৰ সময়ত কুলগাঁও অঞ্চলত উগ্ৰপন্থীৰ স’তে হোৱা সংঘৰ্ষত দুজন জোৱান নিহত হয়।
উল্লেখ্য যে,নিৰাপত্তা বাহিনীয়ে অভিযানৰ প্ৰথম দিনাই তিনিজন উগ্ৰপন্থীক নিঃশেষ কৰিছিল। পাছত যোৱা আঠ দিনত জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যুটীয়া বাহিনীয়ে আৰু কেবাজনো উগ্ৰপন্থীক নিৰ্মূল কৰে।
ইফালে এই পৰ্যন্ত সন্ত্ৰাসবাদীৰ স’তে হোৱা সংঘৰ্ষত বৰ্তমানলৈকে ১০ জন জোৱান আহত হৈছে।
চোৰাংচোৱা সূত্ৰই জনাইছিল যে উগ্ৰপন্থীয়ে আখাল জংঘলত শিবিৰ পাতিছে। ইয়াৰ পাছতে অপাৰেচন আৰম্ভ হয়। সেই ঘন জংঘলত কেবাটাও গুহা সিঁচৰতি হৈ আছে।উগ্ৰপন্থী গুহাটোত আত্মগোপন কৰি থকা বুলি সেনাই অনুমান কৰে।
ইয়াৰ পাছতে সেনাই ড্ৰ’ন আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ অৱস্থান বিচাৰিছে।






























