Accident:✒️দেওবাৰে পুৱা সাত বজাত দিল্লীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা! এখন এছ ইউ ভিৰ খুন্দাত মৃত্যু হয় এজন পথচাৰীৰ । আহত হয় আন এজন । সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ৰাষ্ট্রপতি ভৱনৰ পৰা মাত্র দুই কিলোমিটাৰ নিলগত চাণক্যপুৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা৷
আজি পুৱা এখন তীব্ৰবেগী SUV য়ে নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাথত খোজ কাঢ়ি থকা দুজন লোকক খুন্দা মাৰে। প্ৰচণ্ড শব্দ শুনি পথচাৰী আৰু স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।
আহত দুজনক উদ্ধাৰ কৰি দিল্লীৰ এইমছৰ ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হয়। তাতে চিকিৎসকে তেওঁলোকৰ এজনক মৃত ঘোষণা কৰে। আনজন তাত চিকিৎসাধীন হৈ আছে।
আৰক্ষী সূত্ৰই জনোৱা মতে, গাড়ীখন উত্তৰ প্ৰদেশৰ। চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গাড়ীখনো জব্দ কৰা হৈছে।
ধৃত ব্যক্তিজনে মদ্যপান কৰি গাড়ী চলাইছিল নে নাই পৰীক্ষা কৰা হৈছে। ইতিমধ্যেই সেই স্থানত আহি উপস্থিত হৈছে অপৰাধ আৰু ফৰেনছিক দল। দুৰ্ঘটনাস্থলীৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
দিল্লী আৰক্ষীৰ তথ্য অনুসৰি ২০২৫ চনৰ জানুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত দিল্লীত ২,২৩৫টাতকৈও অধিক দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত আহত লোকৰ সংখ্যা ২১৮৭ জন। ইয়াৰে ৫৫৬টা দুৰ্ঘটনা ভয়াৱহ। ৫৫৭ জন লোকৰ মৃত্যু হৈছে।
এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি কেৱল চলিত বৰ্ষৰ মাৰ্চ মাহত ১৩৭টা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মৃত্যু হৈছে ১৩৯ জন লোকৰ।
অৱশ্যে যোৱা বছৰৰ তুলনাত এই সময়ছোৱাত দুৰ্ঘটনা হ্ৰাস পোৱা বুলি আৰক্ষীয়ে দাবী কৰিছে। ২০২৪ চনত এই পাঁচ মাহত ১৩.৪ শতাংশ অধিক দুৰ্ঘটনা সংঘটিত হৈছিল।






























