Pakistan:✒️পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ স’তে হোৱা সিন্ধু জলসন্ধি স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ প্ৰতিশোধ হিচাপে পাকিস্তানে ২৪ এপ্ৰিলত ভাৰতীয় সকলো বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে।
আৰু এই সিদ্ধান্তৰ বাবে ইছলামবাদে দুমাহত ১২৭ কোটি টকা লোকচানৰ সন্মুখীন হৈছে। এই কথা প্রতিৰক্ষা মন্ত্র্যালয়ৰ উদ্ধৃতি দি পাকিস্তানৰ ‘ড’ন’ কাকতখনে প্রকাশ কৰিছে৷
যেতিয়া এখন দেশৰ বিমানে আন এখন দেশৰ আকাশমাৰ্গ ব্যৱহাৰ কৰে তেতিয়া ‘অভাৰফ্লাইং ৰেভিনিউ’ৰ বাবে ধন দিবলগীয়া হয়।
অৰ্থনৈতিক সংকটত ভুগি থকা পাকিস্তানৰ দৰে দেশৰ বাবে চৰকাৰৰ তহবিল পুনৰুদ্ধাৰ কৰাত এই ৰাজহ গুৰুত্বপূৰ্ণ।
‘ডন’ৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেশখনৰ বিধায়িনী দলৰ নিম্ন সদন ৰাষ্ট্ৰীয় বিধানসভাক জনাইছে যে, ২৪ এপ্ৰিলৰ পৰা ৩০ জুনলৈকে পাকিস্তানে ১২৭ কোটি টকাৰ ৰাজহ হেৰুৱাইছে।
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৱশ্যে এই বিষয়টোক আৰ্থিক লোকচানতকৈ কম ৰাজহ সংগ্ৰহ বুলিহে চাব লাগে বুলি উল্লেখ কৰিছে। মন্ত্ৰালয়ৰ বিবৃতিত আৰ্থিক লাভ-লোকচানৰ পৰিৱৰ্তে দেশৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাক অগ্ৰাধিকাৰ দিয়া উচিত বুলিও উল্লেখ কৰে।
২০১৯ চনত বালাকোট বিমান আক্ৰমণৰ পাছতো পাকিস্তানে ভাৰতীয় বিমান সেৱাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছিল।সেইবাৰ তেওঁলোকৰ ২৩৫ কোটি টকাৰ লোকচান হৈছিল।
অৱশ্যে পাছত তেওঁলোকে নিজৰ আকাশমাৰ্গ পুনৰ মুকলি কৰি দিয়ে। অৱশ্যে এইবাৰ তেওঁলোকে এতিয়াও সিদ্ধান্ত সলনি কৰা নাই।






























